লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ ভালুকমাৰীৰ ৰাণীপুখুৰীত ঔষধ জাতীয় সামগ্ৰী বিক্ৰী কৰিবলৈ গৈ ঘৰৰ ভিতৰত শুই থকা এগৰাকী বৃদ্ধা মহিলাৰ ডিঙিৰ চেইন লৈ গ’ল দুৰ্বৃত্বই । দুৰ্যোধন দাস নামৰ ব্যক্তিজনৰ ঘৰত এই ঘটনা । দুৰ্যোাধনৰ মাতৃ শচিৰানী দাস নামৰ বৃদ্ধা মহিলাগৰাকীৰ লগত সংঘটিত হয় এই ঘটনা।
ইতিমধ্যে, আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।। ভোক্তভোগীয়েও লংকা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।