স্বাস্থ্য প্ৰতিবেদন:
আমি সকলোৱেই কম-বেছি পৰিমাণে তুলসী পাতৰ গুণ সম্পর্কে পৰিচিত। কেৱল পূজা-পার্বণতে নহয় আমাৰ বিভিন্ন শাৰীৰিক অসুস্থতা নির্মূল কৰিবলৈ তুলসী পাতৰ গুণাগুণ অতুলনীয়। আহক চাওঁ তুলসীৰ কেইটামান ঔষধি গুণ-
১) চর্দি-কাহ নিৰাময়ত- সাধাৰণতে চর্দি-কাহ হ’লে আমি তুলসী পাতৰ সৈতে মৌ মিহলাই খাওঁ। কিন্তু সাধাৰণ তুলসী পাততো আছে একেই গুণ। চর্দি-কাহৰ পৰা ৰেহাই পাবলৈ তুলসী পাত কেৱল চোবাই ৰস গিলি খাওক। দ্রুত উপকাৰ পাব।
২) ডিঙিৰ বিষ নিৰাময়ত- ডিঙিৰ চুৰ্চুৰণি আঁতৰাবলৈ তুলসী পাতে অতি ভাল কাম দিয়ে। এই ক্ষেত্রত সামান্য গৰম পানীত তুলসী পাত অলপ উতলাই লৈ তুলসী পাতবোৰ পেলাই দি সেই পানী খাওক।
৩) ব্রণৰ সমস্যা সমাধানত- ব্রণ হ’লে কোনো ঔষধ বা ক্রিমৰ পৰিবৰ্তে তুলসীৰ পাত বটি ব্রণৰ স্থানত লগাই দিলে সহজতেই উপকাৰ পাব।
৪) জ্বৰ আঁতৰাবলৈ- মেলেৰিয়া, ডেঙ্গু ইত্যাদি জ্বৰৰ পৰা পৰিত্ৰাণ পাবলৈ তুলসী পাত সিদ্ধ কৰি সেই পানী খালে দ্রুত নিৰাময় সম্ভব।
৫) কিডনিৰ সমস্যা সমাধানত- কিডনি ষ্টন হ’লে কোনো ঔষধ কামত নাহে। তাতকৈ তুলসী পাতৰ ৰস প্রতিদিনে এগিলাচকৈ খাওক, কেইমাহমানৰ ভিতৰতেই কিডনিৰ পাথৰ গলি যাব।