অজন্তা তালুকদাৰ
বোকাখাত : অসম চৰকাৰৰ সদ্যঘোষিত চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন সম্পৰ্কে গোলাঘাট জিলাৰ বাবে নিৰ্ধাৰিত চিকিৎসা মহাবিদ্যালয়খন বোকাখাতত স্থাপনৰ দাবীৰে আজি কোভিড নীতি নিৰ্দেশনা মানি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত বোকাখাত নাট্য মন্দিৰত এখনি সভা অনুষ্ঠিত হয়।
চিকিৎসা মহাবিদ্যালয়খন বোকাখাতৰ ৰাইজৰ প্ৰাপ্যৰ দাবীৰে আয়োজিত সভাত অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টিৰ স্থানীয় আৰু ৰাজ্যিক নেতা, কংগ্ৰেছৰ জিলা সভাপতি, গোৰ্খা ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, বোকাখাতৰ সাংবাদিক সংগঠনে অংশ লয়। ৰূদ্ৰ ছেত্ৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে বিশিষ্ট সাংবাদিক, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। চলিত বিধানসভাৰ বাজেট অধিৱেশনত বাজেটত উল্লেখিত ৫খন চিকিৎসা মহাবিদ্যালয়ৰে গোলাঘাট জিলাৰ বাবে প্ৰস্তাৱিত মহাবিদ্যালয়খন বোকাখাতত স্থাপনৰ দাবী উত্থাপন হৈছে।
নুমলীগড় শোধনাগাৰৰ বাবে ন’ ডেভেলপমেন্ট জ’ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ইক’চেনছিটিভ জ’ন ৰূপে চিহ্নিত বোকাখাত উন্নয়নৰহিত অঞ্চল ৰূপে চিহ্নিত হৈছে। এনে প্ৰেক্ষাপটত বোকাখাতত গঢ়ি নুঠে কোনো উদ্যোগ। গতিকেই বোকাখাতত স্থাপনৰ হ’ব পাৰে কেৱল শৈক্ষিক উদ্যোগ। বোকাখাতৰ উন্নয়নৰ বাবে সেয়েহে চিকিৎসা মহাবিদ্যালয়খন বোকাখাতত স্থাপনৰ তীব্ৰ দাবী উত্থাপন হৈছে। আজি বোকাখাতৰ সংগঠন সমূহৰ হৈ বিজেপিৰ ৰাজ্যিক সদস্য অনিমেষ শইকীয়া, বোকাখাত মণ্ডল বিজেপিৰ সভাপতি জিৱেশ্বৰ হাজৰিকা, বোকাখাত অগপৰ সভাপতি জগত কলিতা, জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে, বিশিষ্ট ক্ৰীড়াবিদ সুবোধ বৰা, অন্যান্য সংগঠনৰ হৈ অমৃত সাগৰ, দিগন্ত কুটুম, অসীম দলে, লাচিত চুতীয়া, বিমান লয়িং, সাংবাদিক দিব্যজ্যোতি হাজৰিকা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আমন্ত্ৰিত সদস্য আকাশ ফুকনে বক্তব্য প্ৰদান কৰি গোলাঘাট জিলাৰ বাবে প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়খন বোকাখাতত হোৱাৰ পোষকতা কৰে। সভাই সিদ্ধান্ত অনুসৰি ২৪ জুলাইত স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাক লগ ধৰি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক সাক্ষাতৰ বাবে এটা তাৰিখ ল’বলৈ অগপ বিজেপিৰ স্থানীয় নেতৃত্বক দায়িত্ব প্ৰদান কৰে।
উল্লেখ্য ইতিমধ্যে বোকাখাতৰ তিনিটাকৈ সাংবাদিক সংগঠন একত্ৰিত হৈ আৰু গোৰ্খা ছাত্ৰসন্থা, আটছা, টাই আহোম ছাত্ৰ সন্থা, চুতীয়া জাতি ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ,স্থানীয় ছাত্ৰ সন্থায়ো পৃথকে পৃথকে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও আজিৰে পৰা সকলো কাম একেলগে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ সভাৰ সিদ্ধান্ত মৰ্মে নিৰ্বাচিত প্ৰতিনিধি সকলে বোকাখাতৰ অন্যান্য সমস্যাৰ বিষয়বোৰো সামৰি ল’ব। যোৱা বিধান সভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ বোকাখাতলৈ অহা তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গোলাঘাট জিলাত এখন চিকিৎসা মহাবিদ্যালয় হ’ব আৰু সেইখন বোকাখাততে হ’ব বুলিও ইংগিত দিছিল।