![]()
নিউজ ডেস্কঃ
অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (এএমচিএইচ) চিকিৎসকৰ এটা দলে বুধবাৰে এগৰাকী ১৬ বছৰীয়া যুৱতীৰ ডিম্বাশয়ৰ পৰা প্ৰায় ৩০ কিলোগ্ৰাম ওজনৰ টিউমাৰ সফলতাৰে আঁতৰ কৰে। যাক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় ‘অভাৰিয়ান চিষ্ট’।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত এএমচিএইচৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক সঞ্জীৱ কাকতিয়ে কয় যে ছোৱালীজনী অতি সংকটজনক অৱস্থাত আছিল। কিন্তু জ্যেষ্ঠ চিকিৎসক ডঃ কৰুণা দাসে কাৰিকৰীভাৱে প্ৰত্যাহ্বানমূলক হোৱা সত্ত্বেও এই অস্ত্ৰোপচাৰ অতি কৌশলেৰে সফলতাৰে সম্পন্ন কৰে।
অধ্যাপক আৰ সোণোৱালৰ নেতৃত্বত সহকৰ্মী ডঃ প্ৰণতি দত্ত আৰু ডঃ আইছৰিয়া লেক্সমীৰ সৈতে এএমচিএইচৰ জৰুৰীকালীন স্ত্ৰীৰোগ আৰু এনাস্থেচিয়া দলটোৱে চাৰি ঘণ্টা ধৰি অতি গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰটো চলাইছিল বুলিও কাকতিয়ে কয়।
যদিও অস্ত্ৰোপচাৰটো বুধবাৰে কৰিবৰ বাবে পূৰ্বে তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাছিল, ছোৱালীজনীয়ে পুৱা উশাহ-নিশাহৰ সমস্যা হোৱাৰ কথা কোৱাত ভেণ্টিলেটৰৰ সহায়ত তেওঁৰ জৰুৰীকালীন অস্ত্ৰোপচাৰ কৰা হৈছিল।
“এএমচিএইচৰ ইতিহাসত এইটো এটা গুৰুত্বপূৰ্ণ সাফল্য আছিল। এএমচিএইচৰ চিকিৎসকসকলে আকৌ এবাৰ তেওঁলোকৰ সামৰ্থ্য প্ৰমাণ কৰিছে। আমি আমাৰ চিকিৎসকসকলৰ বাবে অত্যন্ত গৌৰৱান্বিত।” অতি সফল আৰু সুৰক্ষিতভাবে অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত ডঃ কাকতিয়ে কয়।













