![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰগাঁৱত আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা। সমনীয়াৰ সৈতে ধনশিৰি নদীত গা ধুবলৈ গৈ নদীৰ বাঢ়নি পানীত সন্ধানহীন হয় বৰপথাৰৰ এজন যুৱক। ঘটনাৰ বিৱৰণী অনুসৰি, উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ সমনীয়াৰ সৈতে নদীত গা ধুই থকা অৱস্থাত হঠাৎ সন্ধানহীন হয় যুৱকজন।
সন্ধানহীন যুৱকজন কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঠকটীয়া গাঁৱৰ যুৱক তথা গোলাঘাট জিলাৰ বৰপথাৰৰ অঞ্জলি বৰবৰুৱা মেম’ৰিয়েল স্কুলৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ মিলন শইকীয়া (১৮) বুলি জানিব পৰা গৈছে। স্থানীয় আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে ছাত্ৰগৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।













