![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি ধন আত্মসাত বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। সুব্ৰতৰ তালুকদাৰ নামৰ এগৰাকী লোকে ৫৫৪ কোটি ১ লাখ ৭২ হাজাৰ টকা ভুৱা কৃষকে লাভ গুৰুত্বৰ অভিযোগ তুলি দাখিল কৰিছে এজাহাৰ।
এজাহাৰত উল্লেখ কৰা অনুসৰি অসমত ভুৱা হিতাধিকাৰী কৃষক ৮ লাখ ৩৫ হাজাৰ ২৬৮ গৰাকীৰ।
‘ভুৱা শিতাধিকাৰী সৃষ্টি আঁৰত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে আৰু ভুৱা কাগজ-পত্ৰ তৈয়াৰ কৰি এই সকল হিতাধিকাৰীয়ে চৰকাৰী- বিষয়া-মন্ত্ৰীৰ লগ লাগি ৰাজহুৱা ধন আত্মসাত কৰিছে। বিভাগীয় মন্ত্ৰী-আমোলা সহযোগ অবিহনে এনে দুষ্কাৰ্য কৰাটো সম্ভৱ নহয় বুলি এজাহাৰত উল্লেখ আছে।













