![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমাৰ বিভিন্ন স্থানত অব্যাহত আছে আবকাৰী বিভাগৰ অবৈধ সুৰা বিৰোধী মাৰাথন অভিযান। বোকাখাত মহকুমা আবকাৰী বিভাগে আজি কান্দুলীমাৰী, দিৰিং বস্তি, নাহৰজান চাহ বাগিচা আৰু চাপজুৰি এলেকাত অভিযান চলাই ৮০লিটাৰ অবৈধ চুলাই মদ বনুৱা পাছ, ১৫ লিটাৰ অবৈধ চুলাই মদ আৰু ২টাকৈ অবৈধ চুলাই মদ বনুৱা সামগ্ৰী জব্দ কৰি নষ্ট কৰে।
আনহাতে কালিও বোকাখাত মহকুমা আবকাৰী বিভাগে কমাৰগাঁও আৰক্ষীৰ সহযোগত ৰাধাবাৰী বাগান এলেকাত অভিযান চলাই ৪০০ লিটাৰ অবৈধ চুলাই মদ বনুৱা পাছ, ৮০ কেজি পাছুৱাই আৰু ২টাকৈ অবৈধ চুলাই মদ বনুৱা সামগ্ৰী জব্দ কৰি নষ্ট কৰে। বোকাখাত মহকুমা আবকাৰী বিভাগৰ এনে পদক্ষেপৰ সচেতন মহলে প্ৰশংসা কৰিছে।













