![]()
অজন্তা তালুকদাৰ
বোকাখাত : আজি দিনৰ প্ৰায় দুই মান বজাত বোকাখাতৰ সাপজুৰিৰ মিজু আৰ্মি কেম্পৰ সমিপত দুৰ্ঘটনাগ্ৰস্ত এ এচ ০২ এ এ ২৬১৯ নম্বৰৰ এখন স্কৰ্পিয় গাড়ীৰ পৰা জব্দ কৰা হয় দুই কেজি ২০০ গ্ৰাম কানি। বোকাখাত আৰক্ষীয়ে জনোৱা মতে জব্দকৃত কানিখিনিৰ মূল্য প্ৰায় ৫৫ লাখ টকা।
উল্লেখ্য যে বোকাখাত আৰক্ষী থানাৰ সন্মুখত আৰক্ষীৰ নিয়মিত তালাচীত স্কৰপিয় গাড়ীখন ৰখাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ বেহু ফালি পলাবলৈ সক্ষম হৈছিল দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন। বোকাখাত আৰক্ষীয়ে পিছে পিছে খেদি যোৱাত আৰক্ষীৰ পৰা হাত সাৰিবলৈ তীব্ৰ বেগত চলাই যোৱা গাড়ীখনে বোকাখাতৰ সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাগ্ৰস্ত হয়। আৰক্ষীয়ে গাড়ীখন থানালৈ আনি পৰীক্ষা কৰাত উক্ত কানিখিনি এটা শাক পাচলি ভৰাই থোৱা মোনাত উদ্ধাৰ কৰে। চালকক আটক কৰাৰ লগতে কানিসহ গাড়ীখন বোকাখাত আৰক্ষীয়ে জব্দ কৰিছে। আনহাতে তদন্তৰ বাবে আৰক্ষীয়ে অধিক তথ্য জনাব বিচৰা নাই।













