![]()
ছাইদুল ইছলাম
ডিফু : ক’ভিড প্ৰতিষেধকলৈ মানুহৰ মাজত সচেতনা গঢ়লৈ উঠাৰ সময়তে বোকাজান চিকিৎসা বিভাগৰ আজৱ কাণ্ডই সকলোৰে চকু কঁপালত তুলিছে। চিকিৎসা বিভাগৰ কাণ্ড শুনিলে ভয় লাগিব আপোনাৰো ।
এগৰাকী ৬০ৰ উৰ্দ্ধৰ আইতাক একেদিনাই দিলে কোভিড ভেকচিনৰ দুটাকৈ পালি। বোকাজান মহকুমাৰ বালিপথাৰ ক্ষুদ্ৰ চিকিৎসা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। দেউপানীৰ নিবাসী ৬০ৰ উৰ্দ্ধৰ আইতা সৰুমাই শইকীয়াক দিলে কোভিড ভেকচিনৰ দুটাকৈ পালি ।
সৰুমাই শইকীয়াই নিজৰ নাতিয়েকৰ সৈতে ভেকচিন ল’বলৈ আহিছিল আৰু নাতিয়েকে বাহিৰৰ পৰাই আইতাকক ভেকচিন প্রদান কৰা প্ৰত্যক্ষ কৰি আছিল, দুবাৰকৈ ভেকচিন দিবলৈ লওঁতে নাতিয়েকে বাহিৰৰ পৰা চিঞৰিছিল যদিও নাতিয়েকক আওকান কৰি দুবাৰকৈ ভেকচিন প্ৰদান কৰিলে নাৰ্ছগৰাকীয়ে ।
বালিপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ ডঃ টি এল পুদাইটেৰ পৰ্যবেক্ষণতে সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড আৰু পূৰ্ণিমা তেৰাংপি নামৰ নামৰ নাৰ্ছগৰাকীয়ে সংঘটিত কৰিছে এই ভয়ানক কাণ্ড ।
উল্লেখযোগ্য যে, আইতাগৰাকীক প্ৰথমটো ড’জ প্ৰদান কৰি ক্ষন্তেক সময়ৰ পিছত পুনৰবাৰ দ্বিতীয়টো দিয়ে ৷ আইতাকৰ লগত থকা আত্মীয়ই চিঞৰ-বাখৰ কৰি প্ৰথমটো ড’জ লোৱা হ’ল বুলি কোৱাৰ পিছতো নাৰ্চগৰাকীয়ে একো গুৰুত্ব নিদি আইতাক দ্বিতীয়টো ড’জ প্ৰদান কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ বৰ্তমান আইতা গৰাকীক পৰ্যবেক্ষণত ৰখা হৈছে।












