ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰু মিজোৰাম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু অসম তথা মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে সীমান্তৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ তথা সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাক আদৰণি জনাইছে৷ লগতে এই প্ৰচেষ্টাক আগবঢ়াই নিবৰ বাবে দুয়োখন চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে৷
আজি মিজোৰামৰ আইজল ক্লাবত অসম-মিজোৰাম সীমা বিবাদ মীমাংসাৰ বাবে অনুষ্ঠিত বৈঠকৰ পিছত এক যুটীয়া বিবৃতিযোগে এই কথা জনাইছে অসমৰ সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা তথা সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত-সচিব জিডি ত্ৰিপাঠী আৰু মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানা তথা গৃহ সচিব ভানলাংগাথছাকাই৷
বিবৃতিটোত উল্লেখ কৰা মতে, বৈঠকত উপস্থিত থকা মিজোৰাম চৰকাৰৰ প্ৰতিনিধিসকলে যোৱা ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত নিহত অসম আৰক্ষীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷ দুয়োখন চৰকাৰে আন্তঃৰাজ্যিক সীমান্তত শান্তি-শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত সহমত পোষণ কৰাৰ লগতে এই ক্ষেত্ৰত ভাৰত চৰকাৰে সীমান্ত অঞ্চলত নিৰপেক্ষ বাহিনী নিয়োগত সন্তোষ প্ৰকাশ কৰে৷
আনহাতে, দুয়োখন ৰাজ্যই বিবদমান অঞ্চলত বৰ্তমান সময়ত তেওঁলোকৰ বন আৰু সুৰক্ষা বাহিনীৰ টহল, আধিপত্য আদি বন্ধ ৰাখিবলৈ সহমত পোষণ কৰে৷ এই অঞ্চলবোৰ হৈছে অসমৰ কৰিমগঞ্জ, হাইলাকান্দি আৰু কাচাৰ জিলাৰ অসম-মিজোৰাম সীমান্ত অঞ্চল আৰু মিজোৰামৰ মামিট আৰু কলাশিব জিলাৰ সীমান্ত অঞ্চল ৷
লগতে দুয়োখন চৰকাৰৰ প্ৰতিনিধিবৰ্গই অসম-মিজোৰামৰ বিশেষকৈ সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ মাজত শান্তি-সম্প্ৰীতি আৰু একতা বৰ্তাই ৰখাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰে৷