![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা সোমবাৰে কাৰবি আংলঙৰ সীমান্তৱৰ্তী এলেকাৰ ধনশিৰি প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ হেৰইনসহ আফটাব হুছেইন আৰু ছাবিৰ হুছেইন নামৰ দুটা দূৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱা বৃহস্পতিবাৰে তৃতীয়টো সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে, ডিফু থানাত পঞ্জীয়নভুক্ত ২১১/২১ নম্বৰৰ এনডিপিএছ এক্টৰ এক গোছৰৰ তদন্ত মৰ্মে বৃহস্পতিবাৰে সন্ধিয়া বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানা আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ৰমে মৌবলিক ব্ৰক্ষ্ম আৰু অচ্যুত নাথৰ সহযোগত বোকাজান মহকুমাৰ খটখটী এলেকাৰ পৰা গোচৰটোৰ তৃতীয়জন সহযোগী ড্ৰাগছ সৰবৰাহকাৰী আফচাৰুল ইছলাম লষ্কৰ ওৰফে চুমনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
বৰ্তমান খটখটীৰ ৩নং গেটৰ নিৱাসী অভিযুক্ত আফচাৰুল ইছলাম লষ্কৰ কৰিগঞ্জৰ চিৰাজদিপমৰ স্থায়ী বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
উল্লেখযোগ্যযে বুধবাৰে উক্ত গোচৰৰ অভিযুক্ত আফটাব হুছেইনে অভিযানকালত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে ৰাঙাপাহাৰ এলেকাত আৰক্ষীৰ গুলীত গুলীবিদ্ধহৈ চিকিৎসাধীন হৈ আছে ৷













