![]()
ছাইদুল ইছলাম
ডিফু : অৱশেষত অসম-মেঘালয় সীমান্তৰ কাৰবি আংলঙৰ ভূমিত মেঘালয়ৰ দখলকলৈ উদ্বিগ্ন হৈ পৰিছে কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএই ৷ আজি ডিফু-লামডিং ৰোডস্থিত কেএছএৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত এই কথা সদৰি কৰে কেএছএৰ উপদেষ্টা লাইচান ইংলেঙে ৷ প্ৰথমতে অসম-মিজোৰাম সীমান্তত সংঘটিত অসমৰ আৰক্ষী জোৱানক কৰা বৰ্বৰ হত্যাকাণ্ডৰ তীব্ৰ গৰিহণা দিয়ে কেএছএৰ শীৰ্ষ নেতাগৰাকীয়ে ৷ অসম-মেঘালয়ৰ সীমা সমস্যকলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত “দিয়া-লোৱা” সন্দৰ্ভত আলোচনাৰ পিছতে পশ্চিম কাৰবি আংলং জিলাৰ চিনথং সমষ্টিৰ ব্লক ১ আৰু ব্লক ২-ত কাৰবিৰ লগতে বিভিন্ন জনগোষ্টীৰ প্ৰায় ২২টা জনগোষ্ঠীৰ গাৱঁত মেঘালয়ে বেদখলৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰে লাইচান ইংলেঙে ৷ মেঘালয়ৰ এনে চেষ্টাক কেএছএৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে ঐক্যবদ্ধভাবে বাধা প্ৰদান কৰিছে ৷
মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মেঘালয়ৰ মুখ্যমন্ত্ৰী সীমা সমস্যাকলৈ “দিয়া-লোৱা” নীতিৰে আলোচনা হ’লেও কাৰবি আংলঙৰ ১ ইঞ্চি ভূমিও যাতে মেঘালয়ক দি দিয়া নহয় তাৰ প্ৰতি সতৰ্ক কৰি দিয়ে নেতাগৰাকীয়ে ৷ মেঘালয়ে কাৰবি আংলঙৰ ভূমিত এনেদৰে আগ্ৰাসন অব্যাহত ৰাখিলে ১ ইঞ্চিৰ পৰিৱৰ্তে কাৰবি আংলঙৰ বহু ভূমিখণ্ড মেঘালয়ৰ হাতলৈ যাব পাৰে বুলি শংকিত হৈছে কেএছএই ৷
কাৰবি আংলং-মেঘালয় সীমান্তৱৰ্তী ২৬ খনকৈ কাৰবি আংলঙৰ গাঁৱত মেঘালয়ৰ লোকে বিভিন্ন নিৰ্মান কাৰ্যও চলাইছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে ৷ কাৰবি আংলঙৰ ভূমিত মেঘালয়ৰ আগ্ৰাসনৰ এনে কুটিল ষড়যন্ত্ৰ কেতিয়াও সহ়্য নকৰে বুলি কেএছএই মেঘালয় চৰকাৰক সকিয়াই দিয়ে, লগতে মেঘালয়ৰ আগ্ৰাসনৰ বিৰুদ্ধে কেএছএই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷
কেএছএৰ উপদেষ্টা লাইচান ইংলেঙে অসম চৰকাৰ, মেঘালয় চৰকাৰ আৰু কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদক উল্লেখিত অসম-মেঘালয় সীমা সমস্যাকলৈ আলোচনাত বহিবলৈ আহ্বান জনায় আৰু কাৰবি আংলঙৰ ১ ইঞ্চি ভূমিও যাতে মেঘালয়ত অন্তৰ্ভুক্ত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে ৷












