![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ কাকীত পুৱা ৮.৩০ মান বজাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১৮ বছৰীয়া যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলাই একে গাঁৱৰে ৰাজু বৰা ওৰফে দাদু নামৰ এজন বিবাহিত যুৱকে৷৷
যুৱতীগৰাকীৰ ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি চলাইছিল যৌন নিৰ্যাতনৰ অপচেষ্টা৷ ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কাকী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
আৰু লগে লগে কাকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিত্য বৰাই তাৎক্ষণিকভাৱে লম্পট যুৱকজনক আটক কৰি 117/2021U.S 448/354/354(A) গোচৰ ৰুজু কৰি সোধ পোছ অব্যাহত ৰাখিছে৷ ইফালে অভিযুক্ত ৰাজু বৰা নিৰ্দোষী বুলি দাবী কৰে গাঁৱৰ একাংশ মহিলাই, ৰাজু বৰা এক ষড়যন্ত্ৰৰ বলি বুলি দাবী কৰে ৷












