![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। লেখাপানী থানাৰ অন্তৰ্গত জাগুন কথা বালিবস্তিৰ এখন ঘৰৰ দেওৰ আৰু বৌয়েকৰ মাজত থকা অবৈধ সম্পৰ্কৰ ফলত প্ৰাণ গ’ল এজনৰ। কথাবালিৰ কৃষ্ণ গোৱালাক তেওঁৰ পত্নী আৰু পেহীয়েকৰ ল’ৰা সঞ্জু মানকিয়ে পৰিকল্পিতভাৱে অধিক সুৰাপান কৰোৱায় আৰু পাছত কুঠাৰেৰে মূৰত মৰিয়াই হত্যা কৰি ঘৰৰ পিৰালিত পুতি থয়। পিছলৈ গাঁৱৰ মানুহে সম্পূৰ্ণ কথাৰ অৱগত হৈ লেখাপানী আৰক্ষীক খবৰ দিয়ে।

আজি লেখাপানী আৰক্ষী ৰপেঙেৰীৰ চাৰ্কল ইন্সপেক্টৰ ৰঞ্জিত কুমাৰ বৰদলৈ, লেখাপানী আৰক্ষী আৰু মাৰ্ঘেৰিটাৰ দণ্ডাধীশ ৰোনাল্ড নাথৰ উপস্থিতিত মৃতদেহ খান্দি উলিওৱা হয়। হত্যাকাৰী দুটাক আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাই শেহতীয়াকৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।













