![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত কুমগুৰিত এগৰাকী মহিলাক ডাইনী সন্দেহত হত্যা কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ মতে ভূটান সীমান্তৱৰ্তী অতি পিছপৰা গাঁওখনৰ বালে মাৰ্দী (৬০) নামৰ মহিলাগৰাকীক যোৱা নিশা কিছু সময়ৰ বাবে নিজ গৃহত অকলশৰে থকাৰ সুযোগ গ্ৰহণ কৰি অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰি চোতালত পেলাই থৈ যায়। হত্যা কাণ্ড সংঘটিত হোৱাৰ আগ মুহূৰ্তত বালে মাৰ্দীৰ স্বামী বজুন কিস্কুই গৰু গোহালিত বান্ধি থৈ কিছু আঁতৰত থকা পুত্ৰৰ গৃহলৈ গৈছিল। নিশা প্ৰায় ৯-৩০ বজাত পুত্ৰৰ ঘৰৰ পৰা উভতি আহি পত্নীক নিজৰ ঘৰৰ চোতালত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।
স্থানীয় লোকে মহিলাগৰাকীক ডাইনী সন্দেহত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰি চোতালত পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। ওচৰৰ জনৈক কাৰ্তিক নামৰ ব্যক্তিজনৰ পত্নী ডেৰ মাহৰ পূৰ্বে মৃত্যু হোৱা আৰু তেওঁৰ দুই পুত্ৰ সঘনাই ৰোগাক্ৰান্ত হোৱাৰ মূলতে বালে মাৰ্দী বুলি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কাৰ্তিকৰ পৰিয়ালে আনৰ হতুৱাই মহিলাগৰাকীক স্বামীৰ অনুপস্থিতিত যোৱা নিশা হত্যা কৰে বুলি গাঁওখনৰ একাংশ বাসিন্দাই সন্দেহ প্ৰকাশ কৰিছে।
আজি পুৱা প্ৰায় ৯-৩০ বজাত ৰুণিখাটা আৰক্ষীয়ে হত্যা কাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পাছতে গাঁওখনত উপস্থিত হয়। দণ্ডাধীশৰ উপস্থিতিত গাল আৰু মুৰত আঘাত কৰি হত্যা কৰা মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ৰুণিখাটা থানাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে হত্যা কাণ্ডৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। বাতৰি যুগত কৰা মুহূৰ্তলৈ অৱশ্যে কোনো লোকক আটক কৰা হোৱা নাই।













