![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : এটা বছৰতে এক লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা অসম চৰকাৰৰ অধীনস্থ ২৩ গৰাকীকৈ ঠিকাভিত্তিক কৰ্মচাৰীয়ে অকস্মাতে চাকৰি হেৰুৱাই হাহাকাৰ কৰিবলগীয়া পৰিস্থিৰ সৃষ্টি হৈছে ৷ বিগত সময়ছোৱাত ৪ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত স্বাস্থ্য বিভাগত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়াই অহাৰ পিছতে অকস্মাতে কৰ্মহীন হৈ পৰা এইসকল কৰ্মচাৰীয়ে উপায়ন্তৰহৈ কঠোৰ আন্দোলনৰ পথ বাছি ল’বলৈ হুংকাৰ প্ৰদান কৰিছে ৷
আজি ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি এই বঞ্চিত কৰ্মচাৰী সকলে নিজৰ দূৰৱস্থাৰ কথা সবস্তাৰে প্ৰকাশ কৰাৰ লগতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিকাকলৈও সোচ্ছাৰ হৈ উঠে কৰ্মচাৰীসকল ৷ চাকৰি নিয়মীয়াকৰণৰ আশাত বছৰৰ পৰা বছৰধৰি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াই অহাৰ পিছত সেই আশাত চেঁচা পানী পৰাত আজি ডিফুত আয়োজিত এক সংবাদমেলত বঞ্চিত কৰ্মচাৰীসকলে আজি মূলতঃ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীৰ বাবেই ডিফু চিকিৎসা মহাবিদ্যালয়ত ২৩ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীয়ে যোৱা এক আগষ্টৰ পৰা কৰ্মহীন হ়’বলগীয়া হ’ল বুলি অভিযোগ উত্থাপন কৰিছে ৷
সংবাদমেলত চাকৰি বঞ্চিত কৰ্মচাৰীসকলে উত্থাপন কৰা অভিযোগ অনুসৰি পূৰ্বে ডিফু অসামৰিক চিকিৎসালয়ত কৰ্মৰত এইসকল কৰ্মচাৰীক ডিফু চিকিৎসা মহাবিদ্যালয়ত স্থায়ী পদৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ কিন্তু কাৰ্যবাহী সদস্যগৰাকীৰ প্ৰতিশ্ৰুতি অসাৰ হ’ল আৰু অৱশেহত সেইসকল কৰ্মচাৰীক কৰ্মহীন কৰি তেওঁলোকৰ ঠাইত আন জিলাৰ লোকক নিযুক্তি প্ৰদান কৰা হ’ল ৷ এইলৈ কৰ্মহীন কৰ্মচাৰীসকলে বিভাগীয় কাৰ্যবাহী সদস্যক সাক্ষাৎ কৰাত তেওঁ অপৰাগতা প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ ওচৰত কৰা বিভিন্ন অনুনয়, নিবেদনো একো সুফল নহ’ল বুলি কয় ৷
সেয়ে অতি শীঘ্ৰে তেওঁলোকৰ নিযুক্তি চাকৰি নিয়মীয়াকৰণ নকৰিলে উক্ত কৰ্মচাৰী সকলে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সন্মুখত অনশনত বহিব বুলি হুংকাৰ দিছে ৷












