![]()
ছাইদুল ইছলাম
ডিফু : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ সদৰ চহৰ ডিফুতো ভূমিপুত্ৰসকলে বিশ্ব খিলঞ্জীয়া দিৱসটি সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে পালন কৰে ৷ এইলৈ আজি কাৰবি আংলঙৰ দুই বিৰোধী ৰাজনৈতিক আঞ্চলিক দল ক্ৰমে, এএছডিচি আৰু এপিএইছএলচিৰ উদ্যোগত তাৰালাংচ’ৰ সাংস্কৃতিক প্ৰকল্পত বিশ্বখিলঞ্জীয়া দিৱস পালন কৰে ৷ কাৰ্যসূচী অনুসৰি সোমবাৰে পুৱা বিশ্ব খিলঞ্জীয়া দিৱসৰ পতাকা উত্তোলন কৰে দুয়োটা দলৰ সভাপতি ক্ৰমে, চন্দ্ৰকান্ত তেৰাঙ আৰু জনচ্ ইংতি কাথাৰে ৷
ইয়াৰ পিছতে কাৰবি পিপুলছ হলৰ ‘চিং মিৰজেঙ ‘ মঞ্চত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হৈ যায় ৷ সভাত চন্দ্ৰকান্ত তেৰাঙৰ লগতে বিভিন্ন বক্তা সকলে খিলঞ্জীয়া অধিকাৰ ক্ষমতা আৰু ভূমিপুত্ৰসকলৰ বিভিন্ন দিশ উনুকিয়াই বিস্তৃত বাখ্যা আগবঢ়ায় ৷ “লীভিং ন’ ৱান বিহাইণ্ড ইণ্ডিজেনাছ পিপুলচ এণ্ড কল ফৰ নিউ ছ’চিয়েল কনটেক্ট’ থীম হিচাপে লৈ পালন কৰা এইবাৰৰ বিশ্ব খিলঞ্জীয়া দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰ সংঘই খিলঞ্জীয়াসকলৰ বাবে নিৰ্দ্ধাৰণ কৰা আজিৰ দিনটোৰ জৰিয়তে খিলঞ্জীয়া ভূমি পুত্ৰসকলৰ মাজত উচ্চ-নীচ, ভেদভাৱ আদি পাহৰাই ভূমিপুত্ৰ সকলক সামাজিক যোগাযোগৰে সম মনোভাৱাপন্ন কৰি তুলিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে সুখ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত শোক প্ৰকাশ কৰিছে এপিএইছএসচিৰ সভাপতি জে আই কাথাৰে ৷
ভূমিপুত্ৰসকলৰ দেশ, মাটি আৰু মাটিৰ পৰা উৎপন্ন হোৱা সম্পদসমূহ যাতে ভূমিপুত্ৰসকলে নিজ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে এই বিষয়েও জে আই কাথাৰে মন্তব্য কৰে ৷ আজিৰ কাৰ্যসূচীত এছডিচি আৰু এপিএইচএলিৰ সভাপতিদ্বয়ৰ লগতে এএছডিচিৰ জৎছন বে, ছয়চিং ৰংপি, কেএনএলএফৰ অধ্যক্ষ পি দিলী আৰু কেইবাগৰাকী গণ্যমান্য লোক উপস্থিত থাকে ৷












