![]()
অজন্তা তালুকদাৰ
বোকাখাত : সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ আহ্বান মৰ্মে বোকাখাত মহকুমা ছাত্ৰ সন্থাই বোকাখাত নগৰৰ মাজ মজিয়াত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা বুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ‘যোগান বিভাগ হায় হায়’, ‘বিজেপি গ’বেক’, ‘যোগান মন্ত্ৰী হায় হায়’, ‘মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক’ আদি শ্ল’গানেৰে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে।
বোকাখাত মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ শইকীয়া, বোকাখাত আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা দ্বীপ ঠাকুৰীয়া, জিতেন বৰাৰ লগতে কেওখন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থকা প্ৰতিবাদী কায্যসূচীত যোগান বিভাগৰ বজাৰৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবে অসাধু ব্যৱসায়ীয়ে সুযোগ গ্ৰহণ কৰি সাধাৰণ ৰাইজক জ্বলা কলা কৰাৰ কথা অৱগত কৰে। মূল্যবৃদ্ধি ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে অতি সোনকালে যোগান বিভাগক কাৰ্যক্ষম কৰি অসাধু ব্যৱসায়িক নাকি লগাবৰ বাবেও দাবী জনায়।













