![]()
অজন্তা তালুকদাৰ
বোকাখাত : যোৱা এমাহ ধৰি গোলাঘাট জিলাৰ সামগ্ৰিক হাৰতকৈ কভিড পজিটিভিটিৰ হাৰ বোকাখাত মহকুমাত বৃদ্ধি পাই আছিল। যাৰ বাবে বন্ধ আছিল গোলাঘাট জিলা আৰু লকডাউন অব্যাহত আছিল। কিন্তু যোৱা এসপ্তাহ ধৰি ক্ৰমান্বয়ে উন্নত হৈছিল জিলাখনৰ কভিড পজিটিভিটিৰ হাৰ । যাৰ বাবে জিলাখনৰ লকডাউন দিনৰ ভাগত প্ৰত্যাহাৰ কৰা হৈছে। আশাৰ ৰেঙনী দেখিছে বোকাখাত মহকুমাবাসীয়ে। আজি .৯৫ লৈ হ্ৰাস পাইছে । আজি ৰেট আৰু আৰ টি পি চি আৰ লৈ মুঠ পৰীক্ষা ১৩৬৩ জনৰ কৰা হৈছিল আৰু তাৰে ১৩ জনৰ পজিটিভ ধৰা পৰে।
বোকাখাত মহকুমাৰ সকলো ঠাইৰ মাইক্ৰ কন্টেইনমেন্ট জ’ন বাতিল হৈছে। বৰ্তমানলৈকে ৩১ জন ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে বহিঃৰাজ্যত থকা মহকুমাটোৰ ৪ জন লোকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ কভিডৰ দ্বিতীয়টো লহৰত মহকুমাটোত মুঠ ৰেট টেষ্টত ৮৮৬০৯ আৰু আৰ টি পি চি আৰ ৭৬১৮ জনৰ, মুঠতে ৯৬২২৭ জনৰ কভিড পৰীক্ষা কৰা হৈছে ৷ মহকুমাটোৰ মুঠ আক্ৰান্ত লোকৰ সংখ্যা ৪৮৭২।
উল্লেখ্য যে মহকুমাটোৰ বহু কেইটা স্থানৰ চুবুৰী বা গাঁৱৰ সৰহসংখ্যক কভিড পজিটিভ ওলাইছিল আৰু বৰ্তমান সেইসমূহতো হ্ৰাস পাইছে কভিডৰ সংক্ৰমণ। আজি বোকাখাত চিকিৎসালয়ৰ কভিড কেয়াৰ কেন্দ্ৰত ৩৪ গৰাকী, গাঁৱৰ কেন্দ্ৰত ১২, চাহ বাগিচাৰ কভিড কেয়াৰ কেন্দ্ৰত ০ আৰু নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত ৭ জন ভৰ্তি হৈ থকাৰ লগতে হোম কোৱাৰেণ্টাইনত কোনো লোক নাই। এই সময়চোৱাত কভিড চিকিৎসা গ্ৰহন কৰি ৪৮১২ জন লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে। আজি বোকাখাতত ৪৫ বছৰৰ উৰ্ধৰ ১১০২ আৰু ১৮ বছৰৰ উৰ্ধৰ ৭৮জনক ভেকচিন দিয়া হৈছে। মহকুমাটোত বৰ্তমানলৈ সৰ্বমুঠ ৮৪৭৬৪ জনক ভেকচিন প্ৰদান কৰা হয়। বোকাখাতৰ সক্ৰিয় হৈ থকা কভিড ৰোগীৰ সংখ্যা ৬৫ জন।













