![]()
ছাইদুল ইছলাম:
ডিফু : সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে জিলা যক্ষ্মা বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰাময় কাৰ্যসূচীৰ অধীনত ডিফুৰ যক্ষ্মা কেন্দ্ৰত ভাৰ্চুৱেল ৰাজ্যিক ভিত্তিত সাংবাদিক কৰ্মশালাখন অনুষ্ঠিত হৈ যায় ৷ গুৱাহাটীৰ পৰা নিয়ন্ত্ৰিত ভাৰ্চুৱেল ৰাজ্যিক ভিত্তিত সাংবাদিক কৰ্মশালাটোৰ কাৰ্যসূচী প্ৰজেক্টৰৰ জৰিয়তে সাংবাদিকৰ আগত প্ৰদৰ্শন কৰা হয় ৷
জিলা যক্ষ্মা বিষয়া ডাঃ গণেশ দেউৰীৰ উপস্থিতিত কেইবাগৰাকী সাংবাদিকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ পৰা আৰম্ভ কৰা ৰাজ্যৰ বিভিন্ন জিলাত ভাৰ্চুৱেল ৰাজ্যিক ভিত্তিত হোৱা সাংবাদিক কৰ্মশালাটোত ৰাজ্যিক যক্ষ্মা বিষয়া নয়নজ্যোতি দাসে যক্ষ্মা নিৰাময়ৰ সকলো দিশৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷
ইয়াৰোপৰি বিষয়াগৰাকীয়ে যক্ষ্মা নিৰাময়ৰ ওপৰত সংবাদ মাধ্যমৰ বিশেষ ভূমিকাৰ ওপৰতো আলোকপাত কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ একোটা সকৰাত্মক বাতৰিয়ে বিশেষ প্ৰভাৱ পেলোৱাৰ লগতে সাংবাদিক সকলে এনে বাতৰিৰ পৰিবশনেৰে মেডিয়া ফিল’শ্বীপ পোৱাৰো থল থাকে বুলি কয় ৷
সমাজৰ প্ৰতিটো চুবুৰীত যক্ষ্মাৰ বিষয়ে সজাগতা গঢ়ি তোলাও সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায় ৷ কৰ্শালাটোত অংশগ্ৰহণ কৰা প্ৰতিজন সাংবাদিকক জিলা যক্ষ্মা কাৰ্যলয়ৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়৷













