![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা পৰিস্থিতি বাবে ৰাজ্যত দীর্ঘদিনে বন্ধ হৈ থকা আন্তজিলা যাতায়ত ১৬ আগষ্ট পৰা মুকলিৰ হোৱা পূৰ্ণ সম্ভাৱনা। যুগ্ম-অযুগ্ম পদ্ধতিৰে চলাচল কৰিব বাহন। দিল্লীত ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
আনহাতে, ১৫ আগষ্টৰ পিছৰ পৰা দোকান-পোহাৰ মুকলি সময়সীমা ৬ বজালৈ বৃদ্ধি কৰাৰো ইংগিত দিয়ে শৰ্মাই। ৭ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন।
আনহাতে শিক্ষানুষ্ঠানৰ মুকলি সন্দৰ্ভত শৰ্মাই কয়- আক্রান্তৰ সংখ্যা ৫০০শ তললৈ আহিলে অথবা ডেৰ কোটি জনতাক ভেকচিন প্ৰদান কৰিব পাৰিলে চূড়ান্ত বৰ্ষৰ ক্লাছসমূহ মুকলি কৰা চিন্তা-চৰ্চা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয়।
গুৰুত্বপূৰ্ণ কথা ক’ৰনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰায় ৪ মাহৰো অধিক সময় ৰাজ্যত বন্ধ হৈ আছে আন্তজিলা যাতায়ত।













