![]()
অজন্তা তালুকদাৰ
বোকাখাত : যোৱা ৯ আগষ্টত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ৰাজনৈতিক সংস্থাৰ সহযোগত অনলাইন ‘আগষ্ট বিপ্লৱ’ স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই সন্মিলনৰ আদৰণি ভাষণ প্ৰদান কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক শান্তিছায়া বৰুৱাই। চমু ভাষণত তেওঁ ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে মন্তব্য আগবঢ়ায়।
সন্মিলনখনি ৰঞ্জিত কলিতাৰ এটি দেশপ্ৰেমমূলক গীতেৰে আৰম্ভ কৰা হয়। সন্মিলনৰ উদ্বোধন কৰি বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে ভাৰত ত্যাগ আন্দোলন সন্দৰ্ভত চমু আলোকপাত কৰে। অনলাইন সন্মিলনত উপস্থিত থকা বিভাগীয় জ্যেষ্ঠ অধ্যাপক ক্ৰমে ড° নন্দিতা কাকতি, নগেন চন্দ্ৰ নায়ক আৰু প্ৰশান্ত শইকীয়াই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে। সমন্বয়ক হিচাপে উপস্থিত থাকে ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক শশাংক ধৱল শইকীয়া। সমল ব্যক্তি হিচাপে উপস্থিত থাকি কুমাৰ ভাস্কৰ বৰ্মন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড° মদন চন্দ্ৰ বড়োৱে ভাৰত ত্যাগ আন্দোলনত অসমৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। প্ৰশ্নোত্তৰ শিতানত অংশ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে মতামত আগবঢ়াই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা গ’ল। অনুষ্ঠানত আৰু উপস্থিত থাকে বিভাগীয় জ্যেষ্ঠ অধ্যাপক ক্ৰমে ড° নন্দিতা কাকতি, নগেন চন্দ্ৰ নায়ক আৰু প্ৰশান্ত শইকীয়া। অনুষ্ঠানৰ শেষত ৰাজনৈতিক সংস্থাৰ সম্পাদক প্ৰশান্ত শইকীয়া আৰু সমন্বয়ক শশাংক ধৱল শইকীয়াৰ লগতে ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপিকা শান্তিছায়া বৰুৱাই মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন অঞ্চলৰ অংশগ্ৰহণকাৰীসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
আনহাতে আগষ্ট বিপ্লৱৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ৰাজনৈতিক সংস্থাৰ উদ্যোগত যোৱা ২৮ জুলাইত এখন ৰাষ্ট্ৰীয় ৱেব মেল অনুষ্ঠিত কৰা হয়। বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা ৱেব মেলত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপিকা ড° আৰাধনা বৰঠাকুৰে ‘এন্ট্ৰিপ্ৰেণাৰশ্বিপ নাৰচাৰিং চেল্ফ ৰিলায়েঞ্চ’ সন্দৰ্ভত ভাষণ প্ৰদান কৰাৰ লগতে প্ৰশ্নোত্তৰ শিতানত অংশ গ্ৰহণকাৰী সকলক চাকৰিৰ বিপৰীতে উক্ত বিষয় নিজৰ জীৱনত কিদৰে প্ৰয়োগ কৰিব পাৰি সেই সম্পৰ্কে বক্তব্য আগবঢ়ায়। লগতে নতুন প্ৰজন্মক নিজাববীয়াকৈ কিদৰে স্বাৱলম্বী হ’ব পাৰি সেই বিষয়েও আলোকপাত কৰে।













