![]()
নিউজ ডেস্কঃ
অন্তঃসত্ত্বা থকা অৱস্থাত বিভিন্ন অভিজ্ঞতা আৰু অনুভূতিৰ কথা সকলোৰে সৈতে শ্বেয়াৰ কৰিলে কৰিনা কাপুৰ খানে। তেওঁ জনালে, দ্বিতীয়বাৰ মাতৃ হোৱাৰ সময়ত তেওঁৰ যৌন ইচ্ছা গুচি গৈছিল। সেই সময়ত চৈফ আলী খানে তেওঁৰ কাষত থাকি পত্নীৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ কথা বুজাইছিল। নিজৰ প্ৰথম গ্ৰন্থ ‘কৰিনা কাপুৰ’ছ প্রেগনেন্সি বাইবেল’ সন্দৰ্ভত বন্ধু কৰণ জোহৰৰ সৈতে আড্ডাত চৈফ-পত্নীয়ে নিজেই এই কথা জনালে।
কৰণে জানিব বিচাৰিছিল, অন্তঃসত্ত্বা অৱস্থাত এগৰাকী নাৰীৰ যৌন কামনা কেনে হয় আৰু তেওঁ নিজক লৈয়েই বা কেনে অনুভৱ কৰে। কৰণৰ প্রশ্নৰ উত্তৰত কৰিনাই জনায়, এজন পুৰুষ এনে সময়ত হ’বলগীয়া মাতৃৰ কাষত থকা উচিত। অন্তঃসত্ত্বা অৱস্থাত কেতিয়াও তেওঁক পৰিপাটি হৈ থকাৰ বাবে চাপ দিয়া উচিত নহয়।
কৰিনাই ভাবে, এনে সময়ত যৌন জীৱনক সচল ৰখাৰ বাবে এগৰাকী মহিলাক জোৰ কৰা উচিত নহয়। কৰিনাৰ মতে, অন্তঃসত্ত্বা অৱস্থাত এগৰাকী নাৰীৰ ভাবনা আৰু অনুভূতিকেই প্রাধান্য দিয়া উচিত। তেওঁৰ মতে, এগৰাকী স্বামীয়ে যদি পত্নীৰ অনুভূতিয়ে নুবুজে, তেনেহ’লে তেওঁ সন্তানৰ পিতৃ হ’ব কেনেকৈ?” এই বিষয়ে তেওঁৰ গ্ৰন্থখনতো বিস্তাৰিতভাৱে লিখিছে।













