![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কংগ্ৰেছ দলৰ বিধায়কৰ পাচত এইবাৰ বিজেপিলৈ যোৱাৰ চৰ্চাত এগৰাকী সাংসদ। নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগ দিয়াক লৈ চলিছে ব্যাপক চৰ্চা। মঙলবাৰে দিল্লীত অসমৰ সকলো সাংসদৰ সৈতে নৈশ ভোজত মিলিত হৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। নৈশ ভোজৰ বহুকেইখন ফটো ইতিমধ্যে প্ৰচাৰ হৈছে প্ৰচাৰ মাধ্যমত। তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সাংসদ বৰদলৈৰ এখন ফটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই বিশেষ ফটোখন প্ৰকাশৰ পাছতেই চৰ্চা হৈছে যে শীঘ্ৰে বিজেপিত যোগদান কৰিব নেকি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আগন্তক লোকসভাৰ নিৰ্বাচনৰ আগতেই বৰদলৈ যোগদিব বুলিও ইতিমধ্যে সৰৱ চৰ্চা চলিছে ৰাজ্যৰ ৰাজনৈতিক মহলত ।
গুৰুত্বপূৰ্ণ কথা কংগ্ৰেছ দল এৰি জ্যেষ্ঠ সাংসদগৰাকী বিজেপিলৈ যোৱাৰ সম্ভাৱনাৰ আঁৰৰ কাৰণ হিচাপে বহুকেইটাৰ কথাৰ চর্চা চলিছে। ইয়াৰে ভিতৰত অন্যতম হিচাপে চৰ্চিত হৈছে দলত ক্ৰমাৎ সাংসদ গৰাকী এলাগী হৈ অহাৰ প্ৰসংগটো। ইয়াৰ লগে লগে জ্যেষ্ঠ নেতাৰ সৈতে দূৰত্ব বঢ়া কথাটোৱেও চর্চা লাভ কৰিছে।
এক সূত্ৰৰ মতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তেওঁ ক্ৰমাৎ সম্পৰ্কৰ অৱনতি ঘটিছে সাংসদ বৰদলৈৰ। ইয়াৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৌৰত থাকিও শেষ মুহূৰ্তত দলৰ হাই কামাণ্ডেও আস্থাত নল’লে বৰদলৈক।
তাৎপৰ্যপূৰ্ণভাবে সাংসদ বৰদলৈয়ে এই সম্পৰ্কে বর্তমানেও একো মুখ খোলা নাই।













