![]()
ডিফু : ৰাষ্ট্ৰীয় শিক্ষানিতীৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলক মাতৃভাষাৰ মাধ্যমত শিক্ষাদান কৰাৰ লক্ষ্য আগত ৰাখি চলিত শিক্ষাবৰ্ষৰ পৰা অসম উচ্চ মাধ্যমিক শিক্ষা সাংসদৰ তৰফৰ পৰা ৰাজ্যখনৰ উচ্চতৰ মাধ্যমিকৰ তৰফৰ পৰা পূৰ্বৰে পৰা আধুনিক ভাৰতীয় ভাষা হিচাপে চলি অহা বিকল্প ইংৰাজী বিষয়টো বাতিল কৰা ঘোষণা কৰাৰ পিছতেই পাহাৰীয়া জিলা কেইখনত বিষয়টোকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কাৰবি ছাত্ৰ সন্থাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এনে মাৰাত্মক সিদ্ধান্তই তিনিখন পাহাৰীয়া জিলাৰ শিক্ষাখণ্ডত প্ৰভূত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰি উচ্চতৰ মাধ্যমিক শাখাৰ পৰা বিকল্প ইংৰাজী বিষয়ৰ বাতিলৰ সিদ্ধান্ত বাতিল কৰি পূৰ্বৰ সিদ্ধান্তই বাহাল ৰখাৰ দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছিল ৷
ছাত্ৰ সংগঠনটোৰ এনে স্থিতিৰ পিছতেই কাৰবি লাম্মেত আমেই (কাৰবি সাহিত্য সভা)ৰ তৰফৰ পৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ এখনি স্মাৰক-পত্ৰ প্ৰেৰণ কৰি শিক্ষা সংসদৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ কাৰবি লাম্মেত আমেইৰ সভাপতি সম্পাদক ক্ৰমে, হিদ্ধিনাথ ৰংপি আৰু লীলাধৰ টেৰণ স্বাক্ষৰিত স্মাৰক-পত্ৰখনত উল্লেখ থকা অনুসৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এনে সিদ্ধান্ত দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে উচ্চতৰ মাধ্যমিক শাখাত পুণৰ পূৰ্বৰ দৰে আধুনিক ভাৰতীয় ভাষাৰ শিতানত বিকল্প ইংৰাজী বিষয় অন্তৰ্ভূক্ত কৰি সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰীসকলক ন্যায় প্ৰদানৰ দাবী জনায় ৷
আনহাতে, বিকল্প ইংৰাজীৰ দৰে বিষয়ক পাঠ্যক্ৰমৰ পৰা বিৰত কৰিবলৈ হ’লেও প্ৰথমে বিদ্যালয় পৰ্যায়ৰ পৰা এনে প্ৰক্ৰিয়া আৰম্ভ কৰা উচিত বুলি স্মাৰক-পত্ৰখনত পৰামৰ্শ প্ৰদান কৰা হয় ৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উচ্চতৰ মাধ্যমিক শাখাত কাৰবি ভাষাক আধুনিক ভাৰতীয় ভাষাৰ শিতানত অন্তৰ্ভূক্ত নকৰা পৰ্যন্ত বিকল্প ইংৰাজী বিষয়ক আধুনিক ভাৰতীয় ভাষাৰ হিচাপে বিবেচনা কৰাৰ দাবী জনায় ৷
আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এলেকাধীন সকলো বিদ্যালয়তে কাৰবি ভাষাত শিক্ষা প্ৰদান কৰাৰ লগতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ বাহিৰৰ স্থানসমূহতো য’ত ত্ৰিশ শতাংশ কাৰবি ভাষা ব্যৱহাৰ কৰা ছাত্ৰ-ছাত্ৰী আছে তেনেসমূহ শিক্ষানুষ্ঠানতো কাৰবি ভাষাত পাঠদান ব্যৱস্থা কৰাৰ বাবে কাৰবি লাম্মেত আমেই দাবী জনায় ৷ এই সন্দৰ্ভত বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে কাৰবি লাম্মেত আমেইৰ তৰফৰ পৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক দাবী জনোৱা হয় ৷













