![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অলিম্পিকত অসমৰপৰা ইতিহাস ৰচা লাভলীনা বৰগোহাঁই ১২ আগষ্ট বৃহস্পতিবাৰে অসমত উপস্থিত হৈ আজি পুনৰ ৰাওনা হ’ল দিল্লীলৈ ।
উল্লেখ্য যে, ১৫ আগষ্টত দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে লাভলীনাক। খবৰ অনুসৰি ১৬ আগষ্টৰ দিনা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে নৈশ ভোজনত অংশ ল’বলৈ আমন্ত্ৰণ জনোৱা হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা সকলো ভাৰতীয় খেলুৱৈক। লাভলীনা ১৭ আগষ্টত পুনৰ জন্মভূমি অসমলৈ ঘুৰি আহিব ৷













