![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বহু বিতৰ্ক আৰু জল্পনা-কল্পনাৰ অন্তত আজি অসম বিধানসভাত গৃহীত হ’ল গো-সুৰক্ষা বিধেয়ক, ২০২১। ইফালে এই বিধেয়ক গৃহীত কৰাৰ প্ৰতিবাদত বিৰোধীয়ে সদন ত্যাগ কৰে৷ আনহাতে, আজি অসম বিধানসভাৰ মজিয়াত শাসকীয় দল বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে এক নজিৰবিহীন দৃষ্টান্তৰ সৃষ্টি কৰে৷ বিধেয়কখন গৃহীত হোৱাৰ লগে লগে শাসকীয় দলৰ সদস্যসকলে সদনত ‘ভাৰত মাতা কি জয়’ আৰু ‘জয় শ্ৰীৰাম ধ্বনি’ৰে মুখৰিত কৰে।
বিধেয়কখন গৃহীত হোৱাৰ পিছত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আইনখন তেওঁলোকে নিৰ্বাচন কমিটীলৈ পঠোৱাৰ দাবী কৰিছিল। কিন্তি এই ক্ষেত্ৰত কোনো পৰামৰ্শ মানি নল’লে চৰকাৰে৷













