![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ডবকাৰ টোলগেট কৰ্মচাৰীক পিস্তল দেখুৱাই পাৰ কৰিলে নিজৰ গাড়ী। পিস্তল দেখুৱাই গুলিয়াই হত্যাৰ ভাবুকি প্ৰদানেৰে স্কোৰপিঅ গাড়ী পাৰ কৰি লৈ যোৱা ঘটনাই টোল কৰ্মচাৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে নিশা ডবকা টোলগেটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
ডবকা টোলগেটত গাড়ী চালকৰ সৈতে সামান্য কাজিয়া হ’লেই একাংশ টোলগেটৰ উগ্ৰ কৰ্মচাৰীয়ে হাতে হাতে লাঠি লৈ প্ৰহাৰ কৰাৰ অভিযোগো আছে অনেক।
কিন্তু বৃহস্পতিবাৰৰ পিস্তল টোৱাই টোল কৰ্মচাৰীক ভাবুকি প্ৰদান কৰি গাড়ী পাৰ কৰি গুচি গ’ল যদিও সাধাৰণ লোকক আক্ৰমণ কৰা টোলকৰ্মীসকলে নিৰৱ দৰ্শক হিচাপে প্ৰত্যক্ষ কৰিলে। শিহৰণকাৰী ভিডিঅ’ ফুটেজ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে।












