![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কৰ্বিআংলং : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বন বিভাগৰ বৃহৎ সাফল্য । কাৰ্বি পাহাৰৰ চুকে-কোণে বন বিভাগে অভিযান চলাই থকা সময়তে আৰু গোপন সূত্ৰৰ পম খেদি ডংকামোকাম আঞ্চলিক বন বিষয়া বিদ্যুতপল ৰংহাঙৰ নেতৃত্বত যোৱা বনৰক্ষী দলটোৱে টুমপ্ৰেং আৰু টেলেহৰ অঞ্চলৰ পৰা পৃথকে পৃথকে দুখনকৈ চেগুন ভৰ্তি টাটা ম’বাইল জব্দ কৰে । জব্দ কৰা টাটা ম’বাইল দুখন ক্ৰমে AS02CC6820 আৰু AS09AC9013 নম্বৰৰ । জব্দকৃত বাহন দুখনখন ইতিমধ্যে ডংকামোকাম বনাঞ্চলিক কাৰ্যলয়ত আনি বন বিভাগে অব্যাহত ৰাখিছে তদন্ত।

বিভাগীয় কৰ্মচাৰী, যাবতীয় সামগ্ৰী আৰু বাহনৰ অভাৱত এনেদৰে প্ৰায়ে চোৰাং কাঠ, কুণ্ডা আদি চুবুৰীয়া ৰাজ্য মেঘালয়, হোজাই, নগাঁও আদি ঠাইলৈ সৰবৰাহ কৰাৰ সুযোগ লাভ কৰিছে চোৰাং কাঠৰ ব্যৱসায় চক্ৰই বুলি এক গুৰুতৰ মন্তব্য কৰাৰ লগতে আজি কালি বজাৰত সস্তীয়াভাবে গছ কটা মেচিন পায় কাৰণে চোৰাং কাঠ ব্যৱসায়ীক নাকি লগোৱাত কঠিন হৈছে বুলি ডংকামোকাম বনাঞ্চলিক বিষয়াই মত প্ৰকাশ কৰে ।













