![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম-মিজোৰাম সীমান্তৰ উত্তেজনা মাৰ নৌযাওঁতেই এবাৰ অসম-নাগালেণ্ড সীমান্তৰ ভূমিকলৈ নগা দুৰ্বৃত্তৰ অতপালি ৷ এইবাৰ কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ দিছাপুৰত নগা দুৰ্বৃত্তই অসমৰ লোকক লক্ষ্য কৰি ভাবুকি নগা দুৰ্বৃত্তৰ । অসমৰ ভূমিত নগাই দখলৰ অপচেষ্টাৰে আজি মাইকযোগে অসমৰ ৰাইজক ভাবুকি দেখুৱাইছে এনে দুঃসাহস ৷ কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তঞ্চলৰ দলদলী সংৰক্ষিত বনাঞ্চলৰ লাহৰিজানৰ দিছাপুৰত একাংশ নগাই গীৰ্জা নিৰ্মাণৰ যো-জা চলোৱাৰ বাতৰি পোৱা গৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰে পৰা ৪০/৫০ জনীয়া এটা নগা দলে আৰম্ভ কৰিছিল গীৰ্জা নিৰ্মাণৰ কাম ৷ দলটোৱে আনকি মাইকযোগে ঘোষণা কৰে, সকলোৱে মিলি তাত গাওঁ পাতি বসবাস কৰিব ৷ উক্ত গাঁৱক চৰকাৰে স্বীকৃতি দিয়া বুলিও মাইকযোগে ঘোষণা কৰে নগা লোকসকলে ৷ এই সন্দৰ্ভত জিলা প্ৰশাসন আৰু জিলা আৰক্ষী প্ৰশাসনক অৱগত কৰিছে বন বিভাগে৷












