![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত সংযুক্ত মুক্তি বাহিনী অসমে ম্যাদ বৃদ্ধি কৰিছে যুদ্ধ বিৰতি। তিনিমাহ বাবে ম্যাদ বৃদ্ধি কৰিছে একপক্ষৰ যুদ্ধ বিৰতিৰ।
আনহাতে, সশস্ত্ৰ সংগঠনটোৰ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি ঘোষণা পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই- আলফা(স্বা) সিদ্ধান্ত গঠনমূলক-আদৰণিয়। ক’ৰনা পৰিস্থিতিত আলফা(স্বা) সিদ্ধান্ত প্ৰশংসনীয়।
উল্লেখ যে পূৰ্ব স্বাধীনতা দিৱস প্ৰচলিত বন্ধ ঘোষণা এইবাৰ সংগঠনটোৱে প্ৰত্যাহাৰ কৰিছে।
আলফা(স্বা) যুদ্ধ বিৰতি স্থায়ী হওক। সেনাধ্যক্ষ পৰেশ বৰুৱা নেতৃত্বত স-সন্মানেৰে সৈতে মূল সুঁতিলৈ ঘূৰি আহক’- মুখ্যমন্ত্ৰীয়ে কয়।













