![]()
বিশেষ প্ৰতিবেদনঃ
হাতী-মানুহৰ সংঘাতৰ কথা আমি সকলোৱে জানো। বিশেষকৈ অবাধ বন ধ্বংসৰ বাবে বাসস্থান আৰু খাদ্যৰ সন্ধানত বিভিন্ন সময়ত ঘন অৰণ্যৰ পৰা জন অৰণ্যলৈ ওলাই আহিছে বনৰীয়া হাতীৰ জাক। যাৰ ফলত ক্ষতিগ্ৰস্ত হ’বলগা হৈছে ধন-জন।
একেদৰে বৰ্তমান ৰাজ্যত ঘৰচীয়া হাতীয়েও আন এক সমস্যাৰ সৃষ্টি কৰিছে। অসমত আছে হাজাৰোধিক ঘৰচীয়া হাতী। বৰ্তমান এই হাতীবোৰো তীব্ৰ খাদ্য সংকটত পৰিছে। ঘৰচীয়া হাতী সন্দৰ্ভত বন বিভাগৰ নতুন আইনৰ ফলত কৰ্মহীন, উপার্জনহীন হৈ পৰিছে এই হাতীবোৰ। হাতীৰ মালিকসকলৰ সমস্যাই দেখা দিছে। নিজৰ পোহনীয়া হাতীৰ পৰা উপাৰ্জন নোপোৱাত মালিকসকলৰ ভৰণ-পোষণত সমস্যা হৈছে, মাউতসকলক পাৰিশ্ৰমিক দিয়াত অসুবিধাৰ সন্মুখীন হৈছে।
তাতোকৈ ডাঙৰ কথা, এই পোহনীয়া হাতীবোৰ কৰ্মহীন তথা উপার্জনহীন হৈ পৰাত ইয়াৰ সুযোগ গ্ৰহণ কৰিছে দুষ্কৃতিকাৰী তথা অসামাজিক চক্ৰই। হাতীৰ মাউতসকলৰ লগত গোপন বুজাবুজি কৰি সৰবৰাহ কৰা হৈছে চোৰাং বস্তু, নিষিদ্ধ দ্ৰব্য। বিশেষকৈ সীমান্ত অঞ্চল আৰু দুৰ্গম অঞ্চলবোৰত এইবোৰ হাতীক এনে ধৰণৰ অসামাজিক কামত প্ৰায়েই লিপ্ত কৰোৱা হৈছে।
কিন্তু চৰকাৰ বিশেষকৈ বন বিভাগে এই ঘৰচীয়া হাতীবোৰক কামত লগাই অসামাজিক কাৰ্য ৰোধৰ লগতে ৰাজহ আহৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। ইয়াৰ দ্বাৰা তিনিটা লাভ হ’ব। এক অসামাজিক কাম ৰোধ হ’ব। দুই, হাতীৰ মালিকৰ হাতলৈ উপাৰ্জন আহিব আৰু চৰকাৰেও ইয়াৰ পৰা ৰাজহ পাব। বন বিভাগে বনাঞ্চলত পহৰা, কাঠ টনা, দুৰ্গম অঞ্চলত যাতায়াত, BOP বোৰত এই হাতীবোৰৰ সদব্যৱহাৰ কৰিব পাৰে। ঘৰচীয়া হাতীবোৰক বন বিভাগ তথা চৰকাৰে উপযুক্ত স্থানত বহুমুখী কামত জড়িত কৰাব পাৰে।
এনে পৰিস্থিতিত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে লৈছে এক আদৰণীয় পদক্ষেপ। আৰক্ষী অধীক্ষকগৰাকীয়ে তিনিচুকীয়াৰ ফুলবাৰী অঞ্চলৰ পোহনীয়া হাতীবোৰৰ এক পৰ্যবেক্ষণ চলায়। হাতীবোৰৰ অৱস্থাৰ বুজ লোৱাৰ লগতে মাউতসকললৈও সহায়ৰ হাত আগবঢ়াইছে। হাতীবোৰক খাদ্যবস্তু যোগান ধৰাৰ লগতে মাউতসকলক আগবঢ়ায় আৰ্থিক সাহায্য।
নিজৰ উদ্যোগ সন্দৰ্ভত আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে এনেদৰে কয়। ইফালে আৰক্ষী অধীক্ষকগৰাকীৰ এই কাৰ্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।












