![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ ২নং গেটৰ কাষৰ লংকা-নগাঁও পথত অঘটন। এজন ৪০ ঊৰ্ধৰ ব্যক্তিৰ ট্ৰেইলৰ গাড়ীৰ আগত জপিয়াই আত্মহত্যা।
ব্যক্তিজনে কি কাৰণত এনে কাৰ্য্য সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই। উদ্ধাৰ হোৱা নাই মৃত ব্যক্তিজনৰ ঠিকনা আৰু পৰিচয়। পিছত ঘটনাস্হলীত লংকা আৰক্ষীৰ লোক উপস্হিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
আনহাতে পলাই যোৱা ১৮চকীয়া ট্ৰেইলৰখন শংকৰদেৱ নগৰত আৰক্ষীয়ে জব্দ কৰিছে। জব্দকৃত গাডীখনৰ নম্বৰ PB11CB9986 ।












