ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত বিস্তৃত কাৰ্যসূচীৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

News Desk by News Desk
August 16, 2021
Reading Time: 1 min read
A A
0
বোকাখাতত বিস্তৃত কাৰ্যসূচীৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

অজন্তা তালুকদাৰ

বোকাখাত : সমগ্ৰ দেশৰ লগতে বোকাখাততো আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস বিস্তৃত কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়। এই উপলক্ষে বোকাখাত ৰাজহুৱা খেলপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত বোকাখাতৰ মুক্তিযোদ্ধাৰ পৰিয়াল বৰ্গ, বিশিষ্ট নাগৰিক, সাংবাদিক, ৰাইজ তথা বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত মহকুমাধিপতি ডাঃ নেহা যাদৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মহকুমাধিপতিগৰাকীয়ে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে দেশ মাতৃৰ হকে আত্মবলীদান দিয়া স্বাধীনতা সংগ্রামীসকললৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰে । ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত গোলাঘাট জিলাৰ বিশেষ ভূমিকাৰ কথা উল্লেখ কৰি স্বাধীনতা সংগ্রামী কুশল কোঁৱৰ, কমলা মিৰি, বেজা বৈষ্ণৱ আদি বৰেণ্য ব্যক্তি সকলৰ গভীৰ দেশপ্ৰেম আৰু ত্যাগৰ কথাও শ্রদ্ধাৰে স্মৰণ কৰে। মহকুমাধিপতিগৰাকীয়ে দেশৰ ঐক্য অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিভেদকামী শক্তিসমূহক বিনাশ কৰি ঐক্য শান্তি প্ৰেম পৰম্পৰা আৰু ধর্মীয় অনুভূতি ৰক্ষা কৰি ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত জনগণৰ বিশেষ ভূমিকা আছে বুলিও উল্লেখ কৰে।

ৰাইজৰ সহায় সহযোগিতাৰেহে দেশ তথা ৰাজ্যখনৰ উন্নয়ন সম্ভৱ বুলি কৈ ৰাইজৰ আস্থাৰ ভোটেৰে নিৰ্বাচিত হোৱা বৰ্তমানৰ ৰাজ্য চৰকাৰখনে জনগণৰ কল্যাণৰ হকে লোৱা বিভিন্ন আঁচনিৰ কাম বোকাখাত মহকুমাত সফলতাৰে ৰূপায়ণ হৈ থকাৰ কথা উল্লেখ কৰে । মহকুমাটোৰ কৃষি, স্বাস্থ্য, পশুপালন, গ্রমোন্নয়ন, জলসম্পদ, জনস্বাস্থ্য, শিক্ষা, গড়কাপ্তানী, বন, পৰ্য্যটন আদি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰে ইয়াৰ আগেয়ে মহকুমাধিপতিগৰাকীয়ে আৰক্ষী আৰু গঁড় সুৰক্ষা বাহিনীৰ কুচ-কাৱাজৰ অভিবাদন গ্রহণ কৰে । অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে বোকাখাত সন্ধানী লিখিকা সমাৰোহ সমিতিয়ে । 

আজিৰ অনুষ্ঠানতে সাংস্কৃতিক কর্মী, সমাজসেৱক, শিক্ষাবিদ, সাহিত্য-সাংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা বোকাখাতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। বোকাখাত মহকুমাৰ সমাজকর্মী মনোৰঞ্জন সেন, দিলিপ শ‍ইকীয়া, জিতেন শৰ্মা, হৰিবোলা কালিন্দী, সাংস্কৃতিক কর্মী কৃষ্ণকান্ত বড়ি, ৰাতুল ফুকন, ৰেখা ফুকন শর্মা, ৰিপুঞ্জয় দত্ত ,ৰাতুল আচাৰ্য্য, সুন্দৰ ফুকন, অজিত দত্ত আৰু প্ৰীতিৰঞ্জন বৰুৱা, শিক্ষা উত্তৰণত সেৱা আগবঢ়োৱাৰ বাবে উদ্দীপন হাজৰিকা আৰু মন্থন ঘোষ কৃষি ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে মহেন্দ্ৰ চুব্বা আৰু চেনীৰাম বৰা, সংবাদ ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে জেষ্ঠ সংবাদ কর্মী মহেশ আগৰৱালাক স্বাধীনতা দিৱসৰ কেন্দ্রীয় অনুস্থানত সম্বর্ধনা জনোৱাৰ লগতে শিক্ষা বিভাগৰ তৰফৰ পৰা নিৰ্বাচিত দেওপাহাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মঃ ফৰমুজ আলি আৰু মহুৰামুখ লোকপ্রিয় প্রাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী সুবর্ণ নেওগ, পশু পালন বিভাগৰ ডাঃ বিশ্বজিৎ বৰুৱা, আৱকাৰী বিভাগৰ বিনোদ মিলি, আজিজুৰ ৰহমান, পৰিৱহন বিভাগৰ ৰুপম কুমাৰ বৰা আৰু ৰাজীৱ উদ্দিন আহমেদৰ লগতে কভিড-১৯ৰ যুঁজাৰুসকলকো সম্বৰ্দ্ধনা জনোৱা হয়। তিনিদিনীয় বিস্তৃত কাৰ্য্যসূচীৰে আয়োজিত স্বাধীনতা দিৱসৰ অংশ স্বৰূপে ১৩ আগষ্ট শুক্ৰবাৰে বোকাখাতৰ বিভিন্ন স্থানত চাফাই অভিযান, ১৪ আগষ্ট বৃহস্পতি বাৰে বৃক্ষ ৰোপন কৰা হয়। স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত দেৱাল অংকণ, অনলাইন ৰচনা ,কবিতা আবৃত্তি, দেশপ্রেম মূলক গীত, পোষ্টাৰ অংকণ ,ফটোগ্রাফী আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা ভিত্তিত আয়োজিত অনলাইন ৰচনা প্রতিযোগিতাৰ “ক” শাখাৰ  “ঐতিহাসিক পটভূমিত বোকাখাত” বিষয়ভিত্তিত লিখা ৰচনাৰ প্ৰথম, দ্বিতীয় তথা তৃতীয় স্থান লাভ কৰে ক্রমান্বয়ে ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৮ম শ্রেণীৰ ছাত্ৰী অন্বেষা শ‍ইকীয়া, ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৯ম শ্রেণীৰ ছাত্রী অনামিকা চিন্তে আৰু শঙ্কৰদেৱ শিশু নিকেতনৰ ৭ম শ্রেণীৰ ছাত্র অম্লানদীপ দাসে,”বোকাখাতৰ পৰ্যটন ক্ষেত্ৰৰ আভাস “বিষয়ভিত্তিত লিখিত ৰচনাৰ প্ৰথম, দ্বিতীয় তথা তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে মহুৰামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৯ম শ্রেণীৰ ছাত্ৰী অংকিতা শ‍ইকীয়া, মহুৰামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৮ম শ্রেণীৰ ছাত্র অভিনৱ শইকীয়া আৰু বোকাখাত টাউন হাইস্কুলৰ ৭ম শ্ৰেণীৰ ছাত্ৰ বেদান্ত ভাৰ্গৱ দত্তয়ে। “খ” শাখাত “বোকাখাতৰ পৰ্যটন ক্ষেত্ৰৰ আভাস”” বিষয়ভিত্তিত লিখা ৰচনাৰ প্ৰথম, দ্বিতীয় তথা তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে কমাৰগাওঁ মহাবিদ্যালয়ৰ একাদশ শ্রেণীৰ ছাত্রী অনিন্দিতা হাজৰিকা, জে.ডি.এছ জি মহাবিদ্যালয়ৰ স্নাতক ৪র্থ ষাণ্মাষিকৰ ছাত্র বিশ্বজিৎ দাস, জে.ডি.এছ .জি মহাবিদ্যালয়ৰ স্নাতক ৬ষ্ঠ ষাণ্মাষিকৰ ছাত্ৰী পৰিস্মিতা হাজৰিকাই লগতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে জে.ডি.এছ.জি মহাবিদ্যালয়ৰ স্নাতক ১ম ষাণ্মাসিকৰ ছাত্রী অংগীতা হাজৰিকাই। অনলাইন কবিতা আবৃত্তি প্রতিযোগিতাত “ক” শাখাত প্রথম, দ্বিতীয় তথা তৃতীয় স্থান লাভ কৰে ক্রমান্বয়ে মহুৰামুখ হাইস্কুলৰ কংকনজ্যোতি দত্ত, বোকাখাত শংকৰদেৱ শিশু নিকেতনৰ তন্ময় তামুলী ,কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দ্বীপশিখা শ‍ইকীয়া আৰু উদ্‌গনিমূলক বঁটা লাভ কৰে খ্ৰীষ্টজ্যাতি হাইস্কুলৰ অনুধৃতা ভূঞাই, খ শাখাত প্রথম, দ্বিতীয় তথা তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে ৰজাবাৰী হাইস্কুলৰ জোনাকপ্ৰিয়া খাৰঘৰীয়া, বোকাখাত টাউন হাইস্কুলৰ কৃষ্টিনা হাজৰিকা আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ হিমাদ্রী কাকতিয়ে। দেশভক্তিমূলক প্রতিযোগিতাৰ ক শাখাত প্রথম, দ্বিতীয় তথা তৃতীয় স্থান লাভ কৰে ক্রমান্বয়ে খ্ৰীষ্টজ্যোতি হাইস্কুলৰ গংগ্ৰোত্ৰী গগৈ, খ্ৰীষ্টজ্যোতি হাইস্কুলৰ অৰ্চিতা গগৈ, খ্ৰীষ্টজ্যোতি হাইস্কুলৰ প্রাসংগিকা মহন্তই আনহাতে উদগনিমূলক বঁটা লাভ কৰে কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ দেৱাশীষ দত্তই ।

খ শাখাত প্রথম, দ্বিতীয় তথা তৃতীয় স্থান লাভ কৰে ক্রমান্বয়ে তৰালী বৰা, অংকিতা দেৱী, ভায়লিনা বৰা আৰু উদ্‌গনিমূলক বঁটা লাভ কৰে অংগীতা হাজৰিকাই। দেৱাল অংকন প্রতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্রমান্বয়ে বোকাখাতৰ আয়ুস্কৰ দল আৰু ড্য ভিঞ্চি দলে । পোষ্টাৰ অংকন প্রতিযোগিতাৰ প্ৰথম, দ্বিতীয় স্থান লাভ কৰে ক্রমান্বয়ে কাজিৰঙা মর্ডান হাইস্কুলৰ প্ৰিঞ্চিপ্রিয়া দলে আৰু বোকাখাত শংকৰদেৱ শিশু নিকেতনৰ ঋতুস্মিতা নাথে। ফটোগ্রাফী প্রতিযোগিতাৰ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে বোকাখাত শংকৰদেৱ শিশু নিকেতনৰ ৮ম শ্ৰেণীৰ ছাত্ৰী স্পৃহাজ্যোতি কার্ডঙে।

পুৱা ৫-৩০ বজাত দেশপ্রেমমূলক গীতেৰে আৰম্ভ হোৱা স্বাধীনতা দিৱস উপলক্ষে মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত মহকুমাধিপতি ডাঃ নেহা যাদৱে পুষ্পমাল্য অপর্ণ কৰাৰ লগতে আৰু শ্বহীদ কমলা মিৰি উদ্যানৰ শ্বহীদ বেদীত জেষ্ঠ নাগৰিক জীৱেশ্বৰ বৰাই পুষ্পমাল্য অর্পণ কৰে। ইয়াৰ উপৰিও মহকুমা প্রশাসনৰ দ্বাৰা চিকিৎসালয়ৰ ৰোগী, অনাথ আশ্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিকলাঙ্গ কেন্দ্ৰৰ মাজত ফলমূল বিতৰণ কৰা হয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx