![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
কোকৰাঝাৰ জিলাৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি এক পথ দুৰ্ঘটনাত দুই ভাতৃৰ কৰুণ মৃত্যু হোৱাৰ লগতে আন এটি ভাতৃয়ে গুৰুতৰভাৱে আহত হয় ৷
ঘটনাৰ বিৱৰণী মতে SSBৰ জোৱান দীপাঙ্কৰ ৰায়ে নিজ ভাতৃ জয়প্ৰকাশ ৰায় আৰু খুৰাকৰ ল’ৰা জ্যোতি ৰায়ক আজি পুৱাৰ ভাগত গোসাইগাঁৱত কলেজত নাম ভৰ্তিৰ বাবে লৈ আহিছিল ৷ গোসাঁইগাওঁ মহাবিদ্যালয়ত নাম ভৰ্তিৰ কাম নিয়াৰিকৈ কৰি নিজ পৰিয়ালৰ এএছ ১৬ এ/৫৩৪৬ নম্বৰৰ এল্টো গাড়ী লৈ অহা তিনি ভাতৃয়ে বিয়লি নিজ গৃহলৈ ওভতি যোৱাৰ সময়তে কলবাৰিত ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী ট্ৰাকে মহটিয়াই নিয়ে গাড়ীখন ৷ ফলত ঘটনাস্থলীতে দুজনৰ মৃত্যু হয় আৰু এজন গুৰুতৰ আহত হয়।
ইপিনে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন পলাই যায় ৷ পিছত খবৰ পাই ছেৰফাংগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ যোৱাৰ লগতে আহত যুৱকজনক চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷













