![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মঙলবাৰৰ পৰা ৰাজ্য নতুন ক’ভিড নিৰ্দেশনা। ব্যাপক শিথিলতা অহাৰ সম্ভাৱনা নতুন নিৰ্দেশনাত।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে সংবাদমেল যোগে ঘোষণা কৰিব নতুন এছঅপি – এই কথা প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
উল্লেখ যে আন্ত:জিলা যাতায়তৰ ক্ষেত্ৰত আহিব শিথিলতা। আজি চূড়ান্ত হ’ব নতুন নিৰ্দেশনা – মুখ্যমন্ত্ৰী
শৰ্মাই কয়।
আনহাতে, শিক্ষানুষ্ঠান ছেপ্টেম্বৰ মাহৰ পূৰ্বে মুকলি নহয় বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয়।
গুৱাহাটী পানবজাৰৰ জিএমচিৰ এক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নত এইদৰে কয় শৰ্মাই।













