![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ অসম জাতীয় পৰিষদৰ প্ৰতিনিধিয়ে। ৰাজ্য উপ-নির্বাচন সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ কৰে এজেপি সজাতি দলে। বিজেপিক পৰাস্তৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ প্ৰস্তাৱ এজেপিৰ। উপ-নির্বাচনত হ’ব লগা ৫ সমষ্টিত বিজেপি বিৰোধী শক্তি গঠন প্ৰস্তাৱ প্ৰতিনিধি দলৰ।
এজেপি প্ৰতিনিধি কমল নাৰায়ণ চৌধুৰীয়ে বৈঠকৰ অন্তত কয়- এজেপি মহাজোঁট অংশীদাৰ নহয়। কিন্তু বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ আহ্বান।
আনহাতে, এজেপিৰ প্ৰস্তাৱ গুৰুত্ব সহকাৰে গ্ৰহণ কৰা লগতে দলৰ মজিয়াত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰে কংগ্ৰেছৰ সভাপতি ভূপনে বৰাই।













