![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলা সংলগ্ন অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যৰে থকা সীমা সমস্যাসমূহ চৰকাৰৰ “দিয়া-লোৱা” নীতিৰে সমাধান কৰাটো কোনো পধ্যেই মানি নলয় কাৰবি আংলঙৰ বিৰোধী ৰাজনৈতিক দল অট’নমাচ ষ্টেট ফৰ ডিমাণ্ড কমিটী চমুকৈ এএছডিচি, অগ্ৰণী মহিলা সংগঠন কাৰবি নিমচ’ চিংথুৰ আচং চমুকৈ কেএনচিএ আৰু কাৰবি ছাত্ৰ সন্থা কেএনচিএ চমুকৈ কেএছএই ৷
আজি ডিফুস্থিত এএছডিচিৰ মুখ্য কাৰ্যালয়ত এএছডিচি, কেএছএ আৰু কেএনচিএই যৌথভাবে আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে সংগঠন কেইটাৰহৈ চন্দ্ৰকান্ত তেৰাঙে ৷ পশ্চিম কাৰবি আংলঙৰ সীমান্তৱৰ্তী মেঘালয় আৰু কাৰবি আংলঙৰ সীমান্তৰ নাগালেণ্ডৰে সীমা সমস্যাৰ আশু-সমাধান বিচাৰি আজি কাৰবি আংলঙৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি জানিব দিছে চন্দ্ৰকান্ত তেৰাঙে ৷
যোৱা ২৪ জুলাইত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকত অসমৰ চুবুৰীয়া ৰাজ্যৰে থকা দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে লোৱা উদ্যোগক আদৰণি জনায় যদিও চৰকাৰৰ ‘দিয়া-লোৱা’ নীতিৰ তীব্ৰ বিৰোধিতা কৰে তিনিওটা সংগঠনৰ নেতৃবৰ্গই ৷ পাৰ্বত্য জিলা দুখনৰ ভূমি দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মেঘালয়ে বেদখল কৰি আহি আছে আৰু বিভিন্ন নিৰ্মাণ কাৰ্য, আৱাস আদি নিৰ্মাণ কৰা অভিযোগ উত্থাপন কৰে লগতে সীমান্তঞ্চলত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে নিৰ্মাণ কাৰ্য তথা উন্নয়ণমূলক কাম-কাজত চুবুৰীয়া ৰাজ্য মেঘালয়ে বাধা আৰোপ কৰি আহিছে বুলিও অভিযোগ কৰে সংগঠনকেইটাৰ নেতৃবৰ্গই ৷ এইক্ষেত্ৰত অসম চৰকাৰে সদায় নিৰৱ ভূমিকা গ্ৰহণ কৰাৰ লগতে কাৰবি আংলঙক সদায় মাহী আইৰ দৃষ্টিত চোৱা বুলি আক্ষেপ কৰে সংগঠনসমূহে ৷
পাৰ্বত্য জিলা দুখনৰে সংলগ্ন চুবুৰীয়া ৰাজ্য দুখনৰ সীমা সমস্যা সমাধানৰ বাবে সংগঠন তিনিটাই স্মাৰকপত্ৰখনত কেতবোৰ দিহা-পৰামৰ্শ আগবঢ়াইছে ৷ সেই অনুসৰি আন্তঃৰাজ্যিক সীমান্তত সকলো বেআইনী বেদখল উচ্ছেদ কৰা, কেন্দ্ৰীয় চৰকাৰৰ উপস্থিতিত সীমান্তত হোৱা নিৰ্মাণ বাজেয়াপ্ত কৰা, চাৰ্ভে অৱ ইণ্ডিয়াৰ উপস্থিতিত সীমান্তত দুয়োখন ৰাজ্যৰ যুটীয়া জৰীপ, বেদখলকাৰীয়া বিনষ্টকৰা সীমান্তৰ খুটি নিৰ্মাণ, টহলদাৰী চকী, আৰক্ষীৰ সংখ্যা বৃদ্ধি, উপ-আৰক্ষী চকী, বিদ্যালয় , পানী যোগান আঁচনি স্থাপন, সীমান্তত পথ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায় ৷
উল্লেখযোগ্য যোৱা ২৪ জুলাইত মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা বৈঠকত সীমা সমস্যাক ‘দিয়া-লোৱা’ নীতিৰে সমাধান কৰা চৰকাৰৰ প্ৰচেষ্টাক পাৰ্বত্য জিলা দুখনৰ বিভিন্ন দল-সংগঠনে তীব্ৰ বিৰোধিতা কৰি আহিছে ৷












