![]()
ছাইদুল ইছলাম
ডিফু : মঙলবাৰে ৰাজ্য চৰকাৰৰ দুৰ্যোগ আৰু প্ৰশমন বিভাগে জাৰি কৰা নতুন এছঅ’পিকলৈ গুৱাহাটীৰ আইএছবিটিত বাছ চালকসকলৰ উত্তাল প্ৰতিবাদৰ পিছতে আজি কাৰবি আংলং জিলাৰ মাঞ্জাত একাংশ বাছ চালক আৰু শ্ৰমিকে বহিঃৰাজ্যলৈ চলা বাছৰ যাতায়ত অৱৰোধ কৰে ৷ ক’ভিড সৃষ্ট পৰিবেশৰ বাবে চৰকাৰে আন্তঃজিলা পৰিবহনৰ ক্ষেত্ৰত এতিয়াও বাছ সেৱা মুকলি কৰা নাই যদিও ক’ভিড সংক্ৰান্তীয় এছঅ’পিক উলংঘন কৰি আন্তঃজিলাৰ লগতে আন্তঃৰাজ্যলৈ বাছ সেৱা অব্যাহত ৰাখিছে ।
এই ঘটনা সংঘটিত হৈছে কাৰবি আংলঙত । নগাঁও, হোজাইৰ মৰিগাঁৱৰ পৰা অহা একাংশ বাছ কাৰবি আংলং হৈ অনায়াসে নাগালেণ্ডলৈ যাতায়ত কৰি আছে। বাছ সেৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা স্থিতিক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে কাৰবি আংলঙৰ মাজেৰে বাছ চলাচলক কেন্দ্ৰ কৰি তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। নগাঁও, হোজাই যাত্ৰীবাহী বাছসমূহ কাৰবি আংলঙৰ মাজেৰে নাগালেণ্ডৰ ডিমাপুৰলৈ দৈনিক দহ-পোন্ধৰখন বাছ চলাচল কৰি আহিছিল।
আজি কাৰবি আংলং মটৰ শ্ৰমিক সন্থা আৰু চালক সন্থাৰ সহযোগত কেইবাখনো বাহন মাঞ্জাত অবৰোধ কৰাত ঘটনাটো পোহৰলৈ আহে । ক’ভিড প্ৰটকল অমান্য কৰি যাত্ৰীৰ পৰা অধিক ধন আদায় কৰি চলাচল কৰি আছে বুলি অভিযোগ উত্থাপন কৰিছে। পিছত জিলা পৰিবহন বিভাগৰ তৎপৰতাত পৰিস্থিতি শাম কাটে যদিও এখন বাছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে জানিবলৈ দিছে ৷












