![]()
ছাইদুল ইছলাম
ডিফু : তিনি পাৰ্বত্য জিলাৰ অপ্ৰতিৰোধ্য ৫টা কাৰ্যকালৰ কংগ্ৰেছৰ বয়োজ্যেষ্ঠ প্ৰাক্তন সাংসদ বীৰেণ ছিং ইংতিৰ বাসগৃহত নেতাগৰাকীক সাক্ষাৎ কৰে কাৰবি জিলা বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্বই ৷ কংগ্ৰেছ দলত সম্প্ৰতি কেইবাগৰাকী শীৰ্ষ নেতাৰ দল ত্যাগৰ সময়তে বুধবাৰে প্ৰাক্তন সাংসদগৰাকীৰক বিজেপিৰ নেতৃবৰ্গই সাক্ষাৎ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
ইয়াৰোপৰি অলপতে সাংসদ সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰসংগই ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে আজি পাৰ্বত্য জিলাৰ ৰাজনীতিৰ কংগ্ৰেছ দলৰ অন্যতম শীৰ্ষনেতা তথা প্ৰাক্তন সাংসদ বীৰেনছিং ইংতিক সাক্ষাৎ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডা° নোমল মমিন আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। প্ৰাপ্ত তথ্য অনুসৰি, আজি বিয়লি পাহাৰীয়া এলেকাটোৰ পৰা পাঁচবাৰকৈ সংসদলৈ নিৰ্বাচিত হোৱা বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীৰ ডিফুস্থিত বাসভৱনত উপস্থিত হয়গৈ বোকাজানৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডা° নোমল মমিন।

বিধায়কগৰাকী প্ৰাক্তন সাংসদগৰাকীৰ বাসভৱনত উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে সাংসদগৰাকীৰ বাসভৱনত উপস্থিত হয়গৈ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং । কাৰ্বি আংলঙৰ বিজেপিৰ দুয়োগৰাকী শীৰ্ষনেতাই প্ৰাক্তন সাংসদগৰাকীক সাক্ষাৎ কৰাৰ সময়ত প্ৰাক্তন সাংসদগৰাকীৰ পুত্ৰ তথা বোকাজানৰ প্ৰাক্তন বিধায়ক ক্লেংডুন ইংতিও উপস্থিত থকা বুলি জানিব পৰা গৈছে ।
অৱশ্যে প্ৰাক্তন সাংসদগৰাকীৰ সৈতে বিজেপিৰ জ্যেষ্ঠ নেতা দুগৰাকীৰ সাক্ষাতৰ সবিশেষ জানিব পৰা হোৱা নাই। যদিও পাহাৰীয়া জিলা কাৰহি আংলঙৰ বিভিন্ন ৰাজনৈতিক ইচ্যুৰ ওপৰত আলোচনা হৈছে এক সূত্ৰত প্ৰকাশ ৷ তুলিৰাম ৰমহাঙ নেতৃত্বাধীন বিজেপি দলটোৰ এই সাক্ষাৎ সৌজন্যতামূলক বুলি জানিব পৰা গৈছে যদিও এই সাক্ষাতৰ ঘটনা ৰাজনৈতিকভাৱে বিশেষ তাৎপৰ্যপূৰ্ণ বুলি চৰ্চা হৈছে । ৰাজ্যখনৰ বিভিন্ন এলেকাত সাংগঠনিক ক্ষেত্ৰত কংগ্ৰেছ দলৰ গুৰি ধৰি অহা কেইবাজনো আগশাৰীৰ কংগ্ৰেছ নেতাক ইতিমধ্যে বিজেপি দলত যোগদান কৰোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। কাৰ্বি আংলং জিলাতো কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত চলি থকা লবী ৰাজনীতিয়ে দলটোত শক্তিশালী ভূমিকা গ্ৰহণ কৰি অহা বুলি বিভিন্ন সময়ত চৰ্চিত হৈ আহিছে। আনকি বিগত বিধানসভাৰ নিৰ্বাচনতো বোকাজানত কংগ্ৰেছ দলৰ একাংশ শীৰ্ষ নেতৃত্বই বিজেপি দললৈ সহায়ৰ হাত আগবঢ়োৱা বুলিও নিৰ্বাচনত চৰ্চালৈ আহিছিল । এনে এক ৰাজনৈতিক পৰিপ্ৰেক্ষিতত আজিৰ এই সাক্ষাতে স্বাভাৱিকতে পাহাৰৰ ৰাজনীতিত কেতবোৰ নতুন সমীকৰণৰ বাট মুকলি কৰিছে ।
আজিৰ এই সাক্ষাতৰ সময়ত সাংসদ হৰেনছিং বে’, হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং তথা কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কেইবাগৰাকীও সদস্য, কাৰ্যবাহী সদস্য উপস্থিত থাকে।













