![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আন্ত:জিলা যাতায়তৰ অনুমতিৰ পাছতো যাত্ৰীবাহীৰ দিবা-নৈশ আন্ত:জিলা বাছসেৱা বন্ধ ৰখা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী আই.এছ.বিটিত সদৌ অসম বে-চৰকাৰী দিবা-নৈশ বাছ-চালক সন্থাৰ সংবাদ মেল। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ক’ৰনা নতুন নিৰ্দেশনাক লৈ অসন্তুষ্টি বাছ চালক সন্থা।
ক্ষোভ প্ৰকাশ কৰি বাছ-চালকসকলে কয়- “আমি মাস্ক এতিয়া পৰা নিপিন্ধো, মৰিলেও মৰিম। খাবলৈ নাপাই মৰাতকৈ এইদৰে মৰাই ভাল”।
চৰকাৰক উদেশ্যি কৰি বাছ-চালক সন্থাই কয়- ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক কিয় পাহৰি গ’ল !
মুখ্যমন্ত্ৰীক হাতযোৰ কৰি কয়- “আপোনাৰ অসমত চালক নামৰ জাতিটোৱে আপোনাৰ বাবে বাট চাই আছে। অসমত চালক নামৰ এটা জাতি আছে, এবাৰ চকু মেলি চাওক”
উল্লেখ যে মঙলবাৰে প্ৰকাশ কৰা নতুন এছঅ’পিয়ে আন্ত:জিলা যাতায়ত অনুমতি লাভ কৰিব বুলি বাছচালকসকল নিজৰ নিজৰ বাছলৈ আহিছিল। কিন্তু প্ৰকাশিত এছঅপিক লৈ নিৰাশা হ’লো”।
উল্লেখ যে বাছ-চালক সন্থা সংবাদ মেলত লাইফ অফ এ ড্ৰাইভাৰ লেখক ৰূপম দত্ত উপস্থিত থাকে।
তেওঁ কয়- মালিকক আমি টকা খুজিব নোৱাৰা হৈছো, এবাৰ আপোনালোকে আমাক চাওক।
আমাৰ ল’ৰা-ছোৱালী কেইটা ভোকত থকাটো আমি চাব নোৱাৰা হৈছো, ঘৰলৈ উভতি যাব নোৱাৰা হৈছো।













