![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
যোৰহাটৰ বাল্যভৱন বিদ্যালয়ত উপস্থিত হৈ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ১৯৭২ চনত নিজে অধ্যয়নৰত বিদ্যালয়খনত উপস্থিত থাকি আৱেগিক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী।

পৰিদৰ্শন কালত শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মোহন, কৃষি মন্ত্ৰী অতুল বৰা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন ভৰালী, টীয়ক সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱা, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

আনহাতে, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ১৩৮ বছৰীয়া ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰে। ১৮৭৬ চনত স্থাপিত উইলিয়ামছন আৰ্টিজান স্কুল আৰু নগা পাহাৰৰ পৰা স্থানান্তৰিত হোৱা কহিমা হাইস্কুলক সংলগ্ন কৰি ১৮৮৩ চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনক আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তোলা আৰু গৱৰ্নিং বডি অতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে৷ বিদ্যালয়খনৰ আন্ত:গাঁথনিৰ কাৰণে যাৱতীয় খৰছ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।













