![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ ৭নং ৱাৰ্ডত খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত দুশজনৰো অধিক লোক। মঙলবাৰে মনসা পূজাৰ খাদ্য গ্ৰহণ কৰাৰ পাছৰে পৰা আক্ৰান্ত হয় লোকসকল। ৱাৰ্ডটোৰ বকুল চন্দ্ৰ দাস নামৰ লোকজনৰ ঘৰত অনুষ্ঠিত হোৱা মনসা পূজাত ৱাৰ্ডটোৰ লোকসকল উপস্থিত হৈ গ্ৰহণ কৰিছিল খাদ্যবস্তু। প্ৰসাদৰ লগতে অনান্য খাদ্যবস্তু গ্ৰহণ কৰা লোকসকলো হৈছে আক্ৰান্ত।
ইতিমধ্যে, সাধাৰণ চিকিৎসা গ্ৰহণ কৰাৰ পাছতো বহুলোক অসুস্থ। লংকা স্বাস্থ্য বিভাগে উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ। দৰিদ্ৰ লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। উন্নত চিকিৎসাৰ বাবে একাংশ লোকে হোজাই আৰু নগাঁৱৰ ব্যক্তিগত চিকিৎসকৰ কাষ চাপিছে।












