![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ঐতিহাসিক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰে৷ পৰিদৰ্শন কালত কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে কাৰাগাৰৰ কেইজনমান কয়দীৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ বিভিন্ন অভিযোগৰ বুজ লয়। পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই বছৰৰ স্বাধীনতা দিৱসৰ ভাষণত তেওঁৰ ঘোষণা অনুসৰি, ৰাজ্য চৰকাৰে বৰ্তমানৰ কাৰাগাৰখন জিলাখনৰ আন এখন ঠাইলৈ স্থানান্তৰ কৰাৰ পিছত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক ঐতিহ্যক্ষেত্ৰ হিচাপে সংৰক্ষণ কৰিব।
চৰকাৰে ১০০ বিঘা কাৰাগাৰৰ ভূমিক এক ঐতিহ্য ক্ষেত্ৰ হিচাবে বিকশিত কৰিব। স্বাধীনতাৰ ৭৫তম বৰ্ষ “আজাদি কা অমৃত মহোৎসৱ” উদযাপনৰ সময়ত আমাৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে এইটো কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

উল্লেখ্য, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ, যাক পূৰ্বতে যোৰহাট জিলা কাৰাগাৰ বুলি জনা গৈছিল, ১৯০৯ চনত ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত নিৰ্মাণ কৰা হৈছিল আৰু ১৯১১ চনত মুকলি কৰা হৈছিল। স্বাধীনতা সংগ্ৰামৰ সময়ত সমাজ সংস্কাৰক পিতাম্বৰ দেৱগোস্বামী, প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ, প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু বিমলা প্ৰসাদ চলিহা, অমিয় কুমাৰ দাস, বিজয় ভাগৱতী, কামাখ্যা ত্ৰিপাঠী আদি বিশিষ্ট স্বাধীনতা সংগ্ৰামীসকলক এই কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল।
স্বাধীনতা সংগ্ৰামী বেজা বাউৰী আৰু কমলা মিৰিয়ে এই কাৰাগাৰৰ ভিতৰত শেষ নিশ্বাস ত্যাগ কৰিছিল। শ্বহীদ কুশল কোঁৱৰকো ১৯৪৩ চনৰ ১৫ জুনত এই কাৰাগাৰত ফাঁচি দিয়া হৈছিল।












