![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলঙৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আজি পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুত উপস্থিত হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ডঃ শ্বাহ মহম্মদ তানবিৰ মনচুৰি ৷ চিৰসেউজ কাৰবি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি মোহিত হৈ পৰিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তগৰাকীয়ে ৷
উল্লেখযোগ্য যে, হোজাইস্থিত ৰবিন্দ্ৰনাথ ঠাকুৰ বিশ্বিদ্যালয় দৰ্শনৰ বাবে অহা উচ্চায়ুক্তগৰাকীয়ে কাৰবি আংলঙৰ বাবে আজি স্থলপথেৰে ডিফুত উপস্থিত হয়হি৷ ডিফু আৱৰ্ত ভৱনত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তগৰাকীক পৰিয়ালসহ উষ্ম আদৰণি জনায় কাৰবি আংলং জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত ক্ৰমে, চন্দ্ৰধ্বজ সিনহা আৰু খালেদা চুলতানাই ৷ সংবাদ মাধ্যমৰ আগত বাংলাদেশৰ কুটনীতিবিধ গৰাকীয়ে জিলাখনত উপস্থিতহৈ পূৰ্বৰে পৰা শুনি অহা ইয়াৰ জলপ্ৰপাতকে ধৰি চিৰ সেউজ পাহাৰীয়া জিলাখনৰ নান্দনিক পৰিৱেশৰ দৃশ্যাৱলী চাই মুগ্ধ হৈ পৰিছে ৷ ইয়াৰ ঘৰ-দুৱাৰ, অফিচ আদালত, দোকান, বজাৰ খাদ্যভাষ আদিৰ লগত বাংলাদেশ আৰু অসমৰ বিশেষ কোনো পাৰ্থক্য নাই বুলি মন্তব্য কৰে ৷
অৱশ্যে বাংলাদেশৰ তুলনাত অসমৰ জনসংখ্যা তেনেই কম বুলি উচ্চায়ুক্তগৰাকীয়ে উল্লেখ কৰে ৷ উল্লেখ্য আজি জিলাখনৰ কেইবাটাও ঠাইত উপস্থিত হৈ পাহাৰীয়া জিলাখনৰ কেইবাটাও সুন্দৰ স্থান উপভোগ কৰি বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তগৰাকীয়ে আজি ডিফুৰ আৱৰ্তভৱনত নিশাটো কটোৱাৰ পিছত কাইলৈ পুণৰ কাৰবি আংলঙৰ বিশেষ প্ৰাকৃতিক পৰিৱেষ থকা ঠাইবোৰ দৰ্শন কৰাৰ লগতে পুণৰ হোজাই জিলালৈ যাব বুলি জানিব পৰা গৈছে ৷












