![]()
বিশেষ প্ৰতিবেদনঃ
নগাঁও : মধ্য অসমৰ অগ্ৰণী ফটোগ্ৰাফীৰ শিক্ষানুষ্ঠান ভিউফাইণ্ডাৰে নগাঁৱৰ বঢ়মপুৰৰ বৰবাৰীস্থিত চিমাং ৰিজৰ্টত দিনজোৰা কাৰ্য্যসূচীৰে আজি বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰে। উল্লেখ্য যে দিৱস উপলক্ষে শিক্ষানুষ্ঠানখনে চলিত বৰ্ষৰ পৰা প্ৰতিবছৰে নগাঁৱৰ ফটোগ্ৰাফী জগতখনক সমৃদ্ধ কৰি তোলা এগৰাকী নগঞা ফটোগ্ৰাফাৰক উৎসাহিত কৰাৰ উদ্দেশ্যৰে ” স্বৰ্গীয় বুলু দেৱী সোঁৱৰণী ভিউফাইণ্ডাৰ বঁটা ” প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে আলোকচিত্ৰ দিৱসৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠানখনে এখন সভা অনুষ্ঠিত কৰে ।
সভাত মুখ্য অতিথি হিচাপে অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট ফটোগ্ৰাফাৰ-অভিযন্তা ড° বিক্ৰমজিৎ কাকতি আৰু নগাঁও প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত সভাপতি যাদৱ শইকীয়াই অংশগ্ৰহণ কৰে । উক্ত সভাত নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱৰ নিবাসী আন্তঃৰাষ্ট্ৰীয় ৰয়টাৰ এজেন্সিত কৰ্মৰত ফটোসাংবাদিক আনোৱাৰ হাজৰিকাক চলিত বৰ্ষৰ ‘ স্বৰ্গীয় বুলু দেৱী সোঁৱৰণী ডিফাইণ্ডাৰ বঁটা’ প্ৰদান কৰা হয় । বিশিষ্ট ফটোগ্ৰাফাৰ বিক্ৰমজিৎ কাকতিয়ে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ফটোগ্ৰাফীৰ ক্ষেত্ৰত কিদৰে আৰু কোন-কোন দিশত মনোনিবেশ কৰিলে এজন ভাল ফটোগ্ৰাফাৰ হিচাপে সামাজিক দায়বদ্ধতা পালন কৰিব সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে । ফটোগ্ৰাফীৰ ক্ষেত্ৰত নিজৰ মাজত থকা অহংকাৰ ভাৱ পৰিহাৰ কৰি চলিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ।
অনুষ্ঠানত অংশগ্রহণ কৰি নগাঁও প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়াই কয় যে ফটোগ্ৰাফী এনে এটা বিষয় যিয়ে অতীতক বৰ্তমানলৈ লৈ আহিব পাৰে । যিসমূহ শব্দৰে ক’ব নোৱাৰি সেই সমূহ ফটোৱে কয়। বন্যপ্ৰাণী ফটোগ্ৰাফাৰ ৰক্তিম জ্যোতি দাসে পক্ষী আৰু বন্যপ্ৰাণী ফটোগ্ৰাফীৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে । সভাত নগাঁৱৰ পাঁচগৰাকী বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ফটোসাংবাদিক ক্ৰমে মৃগাংক বৰা , হিল্লোল জ্যোতি ডেকা , দিগন্ত তালুকদাৰ, ৰক্তিম জ্যোতি দাস আৰু নিকি বৰুৱাক একোটিকৈ প্ৰতীকী চিহ্নৰ লগতে একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সভাত বিশিষ্ট ভাস্কৰ্যবিদ অশ্বিনী শৰ্মাও উপস্থিত থাকে । সভাখনৰ আঁত ধৰে ভিউফাইণ্ডাৰ ফটোগ্ৰাফী শিক্ষানুষ্ঠানৰ মুখ্য পৰিচালক নৃপেন শইকীয়াই ।












