![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বিভিন্ন দুষ্প্ৰাপ্য প্ৰজাতিৰ আৱাসস্থলী হিচাপে পৰিচিত কাৰবি আংলং জিলাৰ ডকমকাত এটা দুষ্প্ৰাপ্য এচিয়ান ক’লা প্ৰজাতিৰ ভালুক পোৱালী উদ্ধাৰ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ডকমকাৰ চিংথুৰ ৰংহাঙ গাঁৱৰ নিৱাসী বিদ্যা টেৰণ নামৰ কৃষকজনে ঝুমতলিত প্ৰায় এবছৰমান বয়সৰ এটা এছিয়ান ক’লা ভালুকৰ পোৱালী উদ্ধাৰ কৰে ৷ বনবিভাগৰ চেণ্ট্ৰেল ৰেঞ্জৰ ভাৰপ্ৰাপ্ত এচিএফ প্ৰণৱ টেৰাঙে সাংবাদিকৰ সৈতে বাৰ্তালাপত কয় যে, বৃহস্পতিবাৰে পুৱাৰ ভাগত বিদ্যা টেৰণে ভালুকৰ পোৱালীটো লৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাংলোত উপস্থিত হোৱাৰ পিছত বনবিভাগে ভালুকৰ পোৱালীটো উদ্ধাৰ কৰি নিজৰ জিম্মালৈ আনে ৷
বৃহস্পতিবাৰে জিলা বনবিভাগৰ চেণ্ট্ৰেল ৰেঞ্জৰ কাৰ্যালয়ত প্ৰথমতে ভালুকৰ পোৱালীটো চোৱা- চিতা কৰাৰ পিছত ডিফুৰ সমীপৱৰ্তী ৰিক্ৰিয়শ্যন পাৰ্কত প্ৰাকৃতিক পৰিৱেশৰ মাজত ভালুকৰ পোৱালীটো সাময়িক ভাবে ৰখা হৈছে । আনহাতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ডকমকাৰ কৃষকগৰাকীয়ে প্ৰদৰ্শন কৰা সজাগতাৰ বাবে প্ৰকৃতিপ্ৰেমীসকলে কৃষকগৰাকীৰ শলাগ লয় ৷












