![]()
স্বাস্থ্য প্ৰতিবেদন:
লিভাৰ ছিৰ’ছিছ ৰোগটিৰ কথা শুনিলেই আমি আতঙ্কিত হওঁ। কাৰণ এই অসুখটিয়ে এৰা নিদিয়ে। দীর্ঘ দিনৰ লিভাৰৰ কোনো অসুখ থাকিলে, জণ্ডিছ হৈ থাকিলে বা অতিৰিক্ত মদ্যপান কৰিলে এই ৰোগ হ’ব পাৰে। অৱশ্যে ডায়েবিটিছ বা অবেচিটি যিসকলৰ আছে, তেওঁলোকো সতর্ক নহ’লে এই ৰোগে বাহ বান্ধিব পাৰে।
সময়ত ধৰা পৰিলে এই ৰোগটিৰ জটিলতাৰ পৰা বহুখিনি মুক্তি পোৱা সম্ভৱ। বেছিভাগ ক্ষেত্রতে ৰোগটি ধৰা পৰাত ইমান পলম হৈ যায় যে তেতিয়া আৰু কিছু কৰাটো সম্ভৱ নহয়। লিভাৰ ছিৰ’ছিছৰ পূৰ্বে শৰীৰে কিছু কিছু সঙ্কেত দি থাকে। এইবোৰ কেতিয়াও উপেক্ষা নকৰিব।
ঘা লগা:
শৰীৰত সঘনাই ঘা লাগি থাকে নেকি? তেনে হ’লে সতর্ক হওন। আমাৰ লিভাৰে ভিটামিন কেৰ সহায়ত এবিধ প্রোটিন উৎপাদন কৰে যিয়ে ৰক্ত গোট মৰাত সহায় কৰে। লিভাৰে পুৰণি আৰু ক্ষতিগ্রস্ত ৰক্তৰ কোষবোৰ ভাঙোনতো সহায় কৰে। লিভাৰ যদি ক্ষতিগ্রস্ত হয় তেনেহ’লে ই প্রয়োজনমতে প্রোটিন উৎপাদন কৰিব নোৱাৰে। ফলত সহজেই ঘা লগাৰ আশঙ্কাই দেখা দিয়ে।
জণ্ডিচ:
জণ্ডিচ অতি পৰিচিত এটি অসুখ। এই অসুখত ছাল আৰু চকুৰ বগা অংশ হালধীয়া হৈ যায়। লিভাৰৰ পৰা নিঃসৃত হোৱা হালধিয়া-কমলা ৰঙৰ পিত্ত বিলিৰুবিনৰ পৰিমাণ বেছি হৈ গ’লে জণ্ডিচ হয়। লিভাৰ ক্ষত হ’লে লিভাৰে শৰীৰত বিলিৰুবিনৰ মাত্রা নিয়ন্ত্রণত ৰাখিব নোৱাৰে। তেতিয়াই এই অসুখ হয়।













