![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মীন বিভাগৰ উদ্যোগত শুকুৰবাৰে ডিফুৰ একুৱাচেণ্ট্ৰিক পাৰ্কত আনুষ্ঠানিকভাবে মাছৰ পোনা বিতৰণ কৰা হয় ৷ বৈঠালাংছ বিধান সভাৰ বিধায়ক তথা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় ইএম ৰূপছিং টেৰণে সভাপতিত্ব কৰা মাছৰ পোনা বিতৰণী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ ৷
আজিৰ সভাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬খন পৰিষদীয় সমষ্টিৰ ভিতৰত আজি ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত লুম্বাজং, সিংসাহন আৰু ধনশিৰি পৰিষদীয় সমষ্টিত আনুষ্ঠানিকভাবে মাছৰ পোনা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ পৰৱৰ্তী সময়ত ২৬টা সমষ্টিতে মাছৰ পোনা বিতৰণ কাৰ্যসূচী বিতৰণ কাৰ্যসুচী গ্ৰহণ কৰা হ’ব ৷ মুখ্য অতিথি তুলিৰাম ৰংহাঙে কয় যে, উঠি অহা নৱপ্ৰজন্ম আৰু কৃষকসকলে মীন পালনৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ কয়৷ আগন্তুক নৱবৰ্ষতে ২৬টা পৰিষদীয় সমষ্টিৰ চুকে-কোনে হিতাধিকাৰীৰ আবেদনৰ ভিত্তিত কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ নিজৰ পুঁজিত বিনামুলীয়া পুখুৰী নিৰ্মাণ কৰাৰ লগতে মাছৰ পোনাদি সহায় কৰিব বুলি মন্তব্য কৰে ৷
আনহাতে, ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাচিং ইংলেঙে ভাষণ প্ৰসংগত কয় যে, কাৰবি আংলঙৰ যুৱ প্ৰজন্মই কষ্ট স্বীকাৰ কৰি পাহাৰৰ মাটিত মীন পালনৰ বাবে পুখুৰী খান্দি লাভজনক ব্যৱসায় কৰিলে স্বাৱলম্বী হ’ব পাৰিব, নগাঁও, মোৰাঝাৰ আৰু নীলবাগান আদি ঠাইৰ লোকসকলে মাছৰ পোনা কাৰবি আংলঙ তথা বিভিন্ন ঠাইত বিক্ৰি কৰি বহু লাভান্বত হৈছে বুলি কয় ৷ তেওঁলোকৰ কষ্টৰ প্ৰশংসা কৰিবই লাগিব ৷ আজিৰ মাছৰ পোনা বিতৰণ কাৰ্যসূচীত হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰচিং ৰংহাঙ, পৰিষদৰ ইএম অমৰচিং তিচ’ ডি উফিং মাচলাই আৰু বিভাগীয় বিষয়া কৰ্মীসকল উপস্থিত থাকে ৷












