![]()
ছাইদুল ইছলাম
ডিফু : পশ্চিম কাৰবি আংলং আৰক্ষীয়ে দুৰ্ধৰ্ষ গাড়ী চোৰৰ বিৰুদ্ধে লাভ কৰিলে বৃহৎ সফলতা ৷ ৰাজ্যৰ সৰ্বত্ৰে মটৰ চাইকেল, লঘু বাহনৰ প্ৰতি আন্তঃৰাজ্যিক গাড়ীচোৰৰ শেনদৃষ্টিয়ে সাধাৰণ লোকৰ নিদ্ৰা হৰণ কৰি ৰখাৰ সময়তে পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে বাইক চুৰি চক্ৰৰ বিৰুদ্ধে লাভ কৰিছে। জিলাখনৰ ডালিমবাৰী আৰক্ষীয়ে তিনিটা গভাইত বাইক চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰকেইটাৰ জিম্মাৰ পৰা বৰ্তমানলৈকে উদ্ধাৰ কৰিছে পাঁচখন বাইক, তিনিখন স্কুটিসহ মুঠ আঠখনকৈ দুচকীয়া বাহন।
লগতে সন্ধান লাভ কৰিছে বহু কেইখন দুচকীয়া বাহনৰ। ডালিমবাৰী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাহাত্ম্য মানস সন্দিকৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে পশ্চিম কাৰ্বি আংলং-নগাঁও জিলা সীমান্তৰ গছপাৰা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা চোৰকেইটা হ’ল অৰ্জুন সৰকাৰ, আশীষ দাস আৰু অভিষেক দাস৷ গুৱাহাটী, নগাঁও আদি অঞ্চলৰ পৰা এই বাইকসমূহ চুৰি কৰি আনি ডালিমবাৰী, গছপৰা আদি অঞ্চলত বিক্ৰী কৰি আহিছিল। এনে চুৰি বাইক কিনোতা সাতজনকৈ লোককো আৰক্ষীয় সোধ-পোছৰ বাবে আটক কৰিছে। এই সন্দৰ্ভত BLO PS Case No- 54 U/S- 379/411/471/468 এক গোচৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে ৷












